কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চহীমোহৰীAdjective
দস্তখত আৰু মোহৰ থকা (আদালতৰ কাকত) যেনে-"চহী- মোহৰী নকল"।
- চহৰীয়াcaharīẏāNoun
চহৰৰ শান্তি ৰক্ষক; চকীয়াল
a watchman
- চাঁদমুখীAdjective
চন্দ্ৰমুখী।
- চাঁহিখাদকVerbal Adj.
চাঁহি, চিকৰা আদি খাব পৰা
capable of feeding on mites
- চাঁৰুলীয়াAdjective
শিহৰিৰ নিচিনা; চাঁৰুলিৰ শিপাৰ নিচিনা ক্ষুদ্ৰ
small and minor (said of roots of plants)
- চাইটীয়াAdjective
চাৰিটা থকা
containing four
- চাইনAdjective
the ratio of the side opposite a given acute angle to the hypotenuse.
- চাউল-কঠীয়াAdjective
ডাঙৰ; একঠা চাউলৰ ভাত খাবলৈ জোৰা (সৰু মাছত); যেনে-"চাউল-কঠীয়া পুঠি মাছ এজনী পালোঁ।" চাউল খা ভোগ্ কৰ্; যেনে-"আমি তিনজনা ৰজাৰ চাউল খাইছো"
to be supported; to enjoy livelihood
- চাও-চকলীয়াcāo-cakalīẏāAdjective
পোন চাৰি সীমাৰে চাৰিচুকীয়া; চৌ-চকলীয়া
rectangular
- চাকোলাcākolāAdjective
কঁকালৰ বা ভৰিৰ দোষত পোন হৈ থিয় হ'ব নোবৰা; ঠিককৈ পোন বা থিয় নোহোবা বা হ'ব নোবৰা
not erect; cripple
- চাক্-চিকণcāk-cikaṇaAdjective
পৰিষ্কাৰ; নিকা; মলিশূন্য
neat and clean
- চাক্ষুষcākṣuṣaAdjective
চকুৰে দেখা; দেখা-দেখি; যেনে-"চাক্ষুষ প্ৰমাণ"
seen with the eyes; visible
- চাক্ষুসsak.khuxVerbal Adj.
নিজ চকুৰে দেখা
seen by self
- চাঞ্চল্যকৰsan.sol.yo.korProper Adj.
মানুহৰ মাজত উত্তেজনা সৃষ্টি কৰিব পৰা কোনো ঘ্টনা বা কাৰ্য্য৷
Causing or intended to cause great public excitement
- চাতcātaAdjective
একত্ৰ বা লগ হোবা; গোট খোবা; যেনে-"অমুকক মাৰিবলৈ সিহঁতে চাত হৈছে"
united
- চাদাcādāAdjective
উকা; ফুল নবছা
plain; unadorned
- চান্দা-ভাহাcāndā-bhāhāAdjective
ভাগ্য-চন্দ্ৰ নষ্ট হোবা; বৰ দুৰ্ভগীয়া
very unfortunate (said of luck)
- চাপ-চুপcāpa-cupaAdjective
চুপ-চাপ; নিতাল; নিমাত; নিস্তব্ধ
silent
- চাপনীcāpanīNoun
নিয়মমতে বিয়া নকৰাকৈ অনা তিৰোতা; আপোন ইচ্ছাৰে আহি বিয়া নকৰা মুনিহৰ ঘৰত তাৰ ভাৰ্য্যা হৈ চাপি থকা তিৰোতা; . পুং চপনীয়া।
a woman kept as a wife without formal marriage or one who, of her own accord, lives at the house of a man as his wife without being married to him
- চাপাচীcāpācīAdjective
আনে নজনা; লুকাহ ৰখা
concealed