কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লুটি নেlu.ti neVerb-Trans.
কাৰোবাৰ পৰা সা-সম্পত্তি কাঢ়ি লোৱা
to extract and thereby victimize someone by snatching their belongings
- লুটি বাগৰlu.ti.ba.gorVerbal Noun
1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷
1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head).2. (figurative use) a complete reversal of opinion over somebody or something.
- লুটি-সুটিluṭi-suṭiAdverb
তুতি ভক্তি কৰি; বৰ বিনয়েৰে খাটি
like a slave; cringingly; with servility
- লুটিবাগৰ মাৰ্lu.ti.ba.gor.marVerb-Intran.
1.(শূন্যতে ঘূৰি) হাত আৰু মূৰ তললৈ কৰি ভৰি ওপৰলৈ ৰাখ্; সম্পূৰ্ণ ওভোটাকৈ ঘূৰা।2.(আলংকাৰিক ব্যৱহাৰ) মতামত বা কথা সম্পূৰ্ণ বদলি কৰ্
to turn over completly in the air.(figerative use) to change opinion completely.
- লুটিয়াTransitive verb
ওপৰৰ ফাল তল কৰ্
to turn upside down
- লুটিয়াই দেlu.ti.yai deVerb-Trans.
ওপৰৰ ফাল তল কৰ্ ৷
Turn upside down, or throw so as to reverse.
- লুটিয়াই পেলাlu.ti.yai pe.laVerb-Trans.
ওপৰৰ ফাল তল কৰ্ ৷
Turn upside down, or throw so as to reverse.
- লুট্luṭTransitive verb
বলেৰে লোকৰ বস্ত্ত নি; হৰণ কৰ্
to plunder; to pillage
- লুণ্ঠণ কৰ্lun.thon korVerb-Trans.
লুট বা চুৰ কৰ্, বিশেষকৈ নিজৰ লাভৰ বাবে আনৰ বা ৰাজহুৱা সম্পত্তি
To rob or steal, esp. another person's or common property for one's own benefit
- লুণ্ঠন কৰ্lun.don korVerb-Trans.
কাৰোবাৰ পৰা সা-সম্পত্তি কাঢ়ি লোৱা
to extract and thereby victimize someone by snatching their belongings
- লুতপুতাlutaputāIntransitive verb
ইন্দ্ৰিয়ক সুখ দিয়া বস্ত্ত পাবৰ কাৰণে ব্যগ্ৰ হ; এবাৰ সোবাদ পোবা বস্ত্ত পুনৰ পাবলৈ বৰকৈ মন মেল্; বৰকৈ লোভ কৰ্
to be eager to enjoy; things pleasing to the senses
- লুপ্তপ্ৰায়lup.to.praiAdverb
একেবাৰে নিশ্চিহ্ন হৈ যাবলৈ ধৰা কোনো প্ৰজাতি |
Species that are in danger of extinction.
- লুপ্লুপাluplupāIntransitive verb
ঘনে ঘনে চেলেকি বা খাই থাক্ (নিন্দাত); যেনে -"খঁকুবা লৰাই দিনৰ দিনটো লুপ্লুপাই থাকে"
to sip or eat frequently in small quantities
- লুব্ধ কৰ্lub.dho korVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- লুম্ফ্lumphTransitive verb
লাফ মাৰ্; জপিয়া; যেনে-"লুম্ফিয়া ধৰিলা তাক শতেক বানৰে" (মা. ক., লঙ্কাকাণ্ড)
to leap
- লুল্lulIntransitive verb
ওলমি লৰি থাক্; যেনে-"গলে গজমতি লুলে" (বৰগীত)
to hang down; to be suspended
- লুৰফুৰাluraphurāIntransitive verb
লাহে লাহে হাত ফুৰা; পাতল বস্ত্তৰে ওপৰে ওপৰে লাহেকৈ ঘঁহ
to pat gently; to rub gently with a light thing
- লুৰলুৰাluralurāIntransitive verb
চুলি আদি গাত লাগি লৰিলে হোবা সুৰসুৰণি; অলপ সুৰসুৰণি লগা বা জন্মা; লুংলুঙা
to produce a slight tickling sensation
- লুৰ্lurTransitive verb
সংগ্ৰহ কৰ্ (খৰি)
to collect (fuel)
- লেংলেং কৰেleṃlem, kareAdverb
বৰ ওখ বা দীঘল হৈ
being very tall or long