কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আগহাতেAdverb
সোঁ-হাতে; সোঁ- হাতেৰে।
- আগা-আগিকৈāgā-āgikaiAdverb
এজনৰ আগত আন এজন হৈ; অগা- পিছা হৈ
ranged in file; one behind another
- আগাৰāgāraIntransitive verb
অতি অধিক বা বেছি হ; উপচি পৰ্; বাঢ়ি থাক্; যেনে-সবাহৰ বস্ত্ত আগাৰি গ'ল
to be more than enough; to be excessive
- আগুবাāgubāIntransitive verb
আগ বাঢ়্; আগলৈ যা বা গতি কৰ্
to go forward; to advance
- আগুৰি ধৰ্a.gu.ri dhorVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.
- আগুৰ্āgurTransitive verb
আগচ্ বা আগচি ধৰ্; আগ ভেটি যাবলৈ বাধা দি
to prevent from advancing
- আগুৱাa.gu.waVerb-Intran.
আগলৈ যোৱা
to move in the forward direction
- আগুৱাই যাVerb-Trans.
আগুৱাই যা
A command to move forwards
- আগেāgeAdverb
প্ৰথমতে; আদিতে; পূৰ্ব্বে
before; at first
- আগে আগেAdverb
সমুখত
in front
- আগেতāgetaIntransitive verb
আগলৈ গতি কৰ্; আগলৈ যা (হাতী)
go forward
- আগেয়েāgeẏeAdverb
প্ৰথমতে; আদিতে; পূৰ্ব্বে
before; at first
- আগৰ দিনতa.gor di.notAdverb
বহু দিনৰ আগৰ
refers to a period of time far in the past.
- আগৰ বাৰa.gor barAdverb
পাৰ হৈ যোৱা কোনো সময়ত (যেতিয়া ঘটিছিল বা কৰা হৈছিল)।
on a previous occasion (when it happened or was done etc.).
- আঘাত কৰ্a.ghat korVerb-Trans.
শাৰীৰিক বা মানসিক ভাৱে ক্ষতি কৰ্
to damage by cutting or applying strong force
- আঘাত পাa.ghat paVerb-Intran.
দেহৰ কোনো অংশত বেদনা অনুভৱ কৰ্
to feel pain in a part of the body
- আঙামুৰিa.nga.mu.riVerbal Noun
ভালেমান সময় একে ঠৰে থকাৰ পাচত হাত ভৰি মেলি আছাৰ মৰা কাৰ্য৷
the act of stretching for relief.
- আঙুলিয়াTransitive verb
আঙুলি টোঁবাই কোনো বস্ত্ত দেখুবা; আঙুলিৰে নিৰ্দ্দেশ কৰ্
to point out with fingers
- আঙুলিয়াই দেa.ngu.li.yai deVerb-Trans.
আঙুলি টোঁৱাই কোনো বস্তু দেখুৱা বা আঙুলিৰে নিৰ্দ্দেশ কৰ্
to direct attention to something with fingers
- আচতেকেAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity