কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লিয়েliẏeTransitive verb
লয়; যেনে-"পণ্ডিতে পঢ়ে শাস্ত্ৰ মাত্ৰ সাৰ ভকতে লিয়ে" (বৰগীত)
- লিৰিকি বিদাৰি চাli.ri.ki bi.da.ri saVerb-Trans.
হাতৰ আঙুলিৰে কিবা পকাই মেলি বা ঘুৰাই পকাই চোৱা৷
to twist or turn something with fingers.
- লিৰিকি-বিদাৰিAdverb
ঘনে ঘনে ছুই-লাৰি; ঘনে ঘনে ছুই-মেলি
handing or turning over frequently
- লিৰিকি-বিদাৰি থাক্li.ri.ki-bi.da.ri thakVerb-Trans.
বাৰে-বাৰে হাতেৰে লাৰি বা চুই ইলুটি-সিলুটি কৰ্
to touch frequently and to turn over again and again
- লিৰিক্lirikTransitive verb
ঘনে ঘনে ছুই লাৰি থাক্
to handle frequently
- লী-লিয়নিli-li.yo.niVerbal Noun
সাপ বা পলুৰ নিচিনাকৈ গাত পাক দি বগাই যোৱা কাৰ্য্য
the act of moving in a twisting or snake-like or worm-like fashion
- লী-লিয়াlī-liẏāIntransitive verb
খাবৰ বা চেলেকিবৰ অভিপ্ৰায়ে কোঁচ খাই থকা অবস্হা এৰি দীঘল হৈ বা মেল খাই লৰচৰ কৰ্ (জিবা, জোঁক)
to extend the body to reach anything
- লীন হlin hoVerb-Intran.
ক্ৰমান্বয়ে নোহোৱা বা নাইকিয়া কৰি পেলোৱা; লাহে-লাহে মিলি নাইকিয়া হৈ যোৱা
to cause to disappear or vanish gradually; fade away
- লীলায়েlīlāẏeAdverb
অনায়াসে; ধেমালি কৰা-স্বৰূপে
easily; sportively
- লুং-লুং কৰেlung-lung ko.reAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- লুংলুং কৰেAdverb
গোপনে; মনে মনে।
- লুংলুঙাluṃluṅāIntransitive verb
মনে মনে কোনো বস্ত্ত বিচাৰি ফুৰ্
to search about stealthily
- লুক-ঢাকluk.dhakVerbal Noun
(কিবা এটা) লুকাই ৰখা কাৰ্য্য।
the act of keeping (something) secret.
- লুক-ঢাক কৰ্luk-dhak korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- লুকাlukāTransitive verb
নেদেখাকৈ থ; ঢাকি ৰাখ্
to conceal
- লুকাইlu.kaiAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- লুকাই-চুৰকৈlu.kai-sur.koiAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- লুকোবাlukobāTransitive verb
আনৰ দ্বাৰা লুকুবাই ৰাখ্
to cause to be concealed
- লুট কৰ্lut korVerb-Trans.
লুট বা চুৰ কৰ্, বিশেষকৈ নিজৰ লাভৰ বাবে আনৰ বা ৰাজহুৱা সম্পত্তি
To rob or steal, esp. another person's or common property for one's own benefit
- লুটি খোৱাlu.ti kho`.waVerbal Adj.
পেট, মূৰ তললৈ কৰি পৰি থকা বা শোৱা
fallen or lying with the face downwards