কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বস্তুতপক্ষেbos.tu.to.po.khyeAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- বস্ত্ৰহৰণVerbal Noun
আৱৰণশূন্য কৰা বা বলপূৰ্বক কাপোৰ খুলি দিয়া কাৰ্য্য
the act of striping someone naked.
- বহboh.Verb-Intran.
কোনো চকি, মুঢ়া আদিত অৱস্থান ল
To station oneself in a seat or a sofa or chair
- বহন কৰ্bo.hon korVerb-Trans.
বেদনা বা কষ্ট উলাই কৰিবলৈ চেষ্টা কৰি স্বীকাৰ কৰা
to accept the pain or discomfort by attempting to ignore it
- বহন কৰ্Verb-Trans.
(কোনো ভাৰ) মূৰ পাতি ল
to hold or remain firm under (a load)
- বহলাTransitive verb
বহল কৰ্; পথালিয়ে বঢ়া
widen; to extend breadthwise
- বহলাইbo.ho.laiAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- বহলেAdverb
পথালিয়ে; পথালিৰ ফালে
breadthwise; in breadth
- বহলে জাঁপbo.ho.le ja~pVerbal Noun
খেল-ধেমালিত দূৰত্ব অতিক্ৰম কৰিবলৈ মৰা জাঁপ ৷
a sporting event in which players try to jump as far forward as possible after running up to a line.
- বহাbahāNoun
অলপ দিন থকা বা প্ৰবাসত থকা ঘৰ; সামান্য ঘৰ
a temporary house; a camp; a hut
- বহি যাbo.hi jaVerb-Trans.
ক্ৰমান্বয়ে তললৈ বহি বা সোমাই যা
to fall, drop, or descend gradually to a lower level
- বহিষ্কাৰbo.his.kar.Verbal Noun
বাহিৰ কৰি দিয়া কাৰ্য্য বা অৱস্থা
the act of expelling or the state of being expelled.
- বহিষ্কাৰ কৰ্bo.his.kar korVerb-Intran.
কোনো ঠাইৰ পৰা কাৰোবাক/কিহবাক জোৰ কৰি উলিয়াই দিয়া
to force somebody or something out of somewhere
- বহিষ্কৃতbo.his.kri.to.Verbal Adj.
যাক বহিষ্কাৰ কৰা হৈছে, তেনে |
Force to leave or move out.
- বহিষ্কৰণbo.hi.sko.ronVerbal Noun
বাহিৰ কৰি দিয়া কাৰ্য্য বা অৱস্থা
the act of expelling or the state of being expelled.
- বহিৰ্গামীbo.hir.ga.miVerbal Adj.
বাহিৰলৈ গতি কৰা বা বাজ হোৱা
coming or going out
- বহুগুণেbo.hu.gu.neAdverb
অসংখ্য, বহুত বেছি ৷
a countless times (bigger or better)
- বহুতকৈbo.hut.koiAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- বহুধা-বিভক্তbo.hu.dha-bi.bhok.toVerbal Adj.
বহুতো ভাগত ভাগ হৈ যোৱা
divided into several parts
- বহুবাbahubāTransitive verb
স্হাপন কৰ্
to place upon something