কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেইটুকিtei.tu.kiAdverb
কাঁহী আদিত অকণো খাদ্য নেৰাকৈ খোৱা৷
to eat without leaving anything on the plate.
- টেক্টেকাIntransitive verb
খৰকৈ আৰু টানকৈ কথা ক; কেট্কেটা; হাই কৰ্
to speak harshly or noisily
- টেঙাṭeṅāAdjective
অম্ল; মুখত চোকা লগা
acid; sour
- টেঙুচিয়াIntransitive verb
পেঙুৰিয়া; লেঙুৰিয়া; লেকেচিয়া; অলপ খোৰাই খোজ কাঢ়্
to limp; to walk lamely
- টেঙুচ্ টেঙুটকৈṭeṅuc, ṭeṅuṭakaiAdverb
খোৰাই; দুপিয়াই খোজ কাঢ়ি; লেকেচিয়াই; পেঙুৰিয়াই
limping
- টেন্টেনাIntransitive verb; Adjective
টেনটেনীয়া মাটিৰ ভগা পাত্ৰৰ দৰে শব্দ কৰা
sounding like a cracked earthen pot
- টেপ্tepVerb-Trans.
কোনো বস্তুত একে সময়তে দুই বা ততোধিক ফালে হাতেৰে বা কোনো সঁজুলিৰে চাপ প্ৰয়োগ কৰা কাৰ্য্য
to apply pressure from two or more sides at the same time
- টেৰুৱাকৈVerbal Adj.
চকু ওপৰলৈ বা চক্ৰাকাৰে ঘূৰাই কৰা অভিব্যক্তি, যাৰ জৰিয়তে বিশেষকৈ অবিশ্বাস, বিৰক্তি, ধৈৰ্য্যহীনতা বা হীনভাৱ প্ৰকাশ কৰা হয়।
a gesture of turning one’s eyes upward or moving them in a circle, especially as an expression of disbelief, annoyance, impatience, or disdain.
- টোঁবাṭom̐bāTransitive verb
মাৰিবলৈ দাঙ্ বা পোনা; লক্ষ্য কৰ্; মাৰিবলৈ অস্ত্ৰ পোন কৰ্
to aim
- টোঁৱাto~.waVerb-Trans.
কোনো বস্তুত লক্ষ্য স্থিৰ কৰা।
Direct into a position for use.
- টোকা কৰ্to`ka korVerb-Trans.
ততাতৈয়াকৈ লিখি ল।
To make a written note quickly.
- টোকাৰ মাৰ্to`.kar marVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টোকি ল্to`.ki loVerb-Trans.
ততাতৈয়াকৈ লিখি ল।
To make a written note quickly.
- টোক্ṭokTransitive verb
এটা পানী শোহা বস্ত্ত আন এটা তিতা বা পানী থকা বস্ত্তৰ ওপবত টিপি শুকা; নীৰস কৰ্; মচি শুকা; নাইকিয়া কৰ্
to cause to dry with some absorbent substance; to blot; to wipe off
- টোক্ টোক টাক্ টাককৈAdverb
কোনোমতে (চল্; জীয়াই থাক্)।
- টোকৰ মাৰ্to`.kor marVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টোপ টোপকৈ পৰ্to`p to`p.koi porVerb-Intran.
to fall (liquid) in drops through a small opening
- টোপনি খতি কৰ্to`.po.ni kho.ti korVerb-Trans.
টোপনি নোযোৱাকৈ সাৰে থাক্।
to remain without sleep.
- টোপনি ভাংto`.po.ni bhangVerb-Trans.
কাৰোবাৰ টোপনি ভাঙি দে; টোপনিৰ পৰা সাৰ পোৱাই দে।
To break the sleep of somebody.
- টোপনি মাৰ্to`.po.ni marVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake