কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাই-পতীয়াghāi-patīẏāNoun
ঘাই পাতি বনৰীয়া চৰাই ধৰা মানুহ
a man who decoys and catches birds
- ঘাই-মূৰীয়াghāi-mūrīẏāNoun
প্ৰধান বা মুখিয়াল মানুহ
a leader; a headman
- ঘাইআলিghai.aliMaterial Noun
প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
a main road, esp. one between towns or cities.
- ঘাইখুঁটাghai.khu~.taMaterial Noun
ঘৰ এটা বন্ধাৰ সময়ত আৰম্ভণিতে পোতা ঘাই খুঁটা।
the principal post of a house set at the beginning of construction.
- ঘাইপথghai.pothMaterial Noun
প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
a main road, esp. one between towns or cities.
- ঘাইমূৰীয়াghai.mu.ri.yaCommon Noun
এটা পৰিয়াল বা বংশৰ প্ৰধান ব্যক্তি।
The main person of a family or clan.
- ঘাইলghāilaNoun
ঘা লগা; ক্ষত; অস্ত্ৰৰ আঘাতৰ দ্বাৰা ছাল-মঙহ আদি ছিগা
wounded
- ঘাইসুঁতিAbstract Noun
Ultimately prevailing trend in opinion, fashion, etc.
- ঘাউৰাghāurāNoun
অমঙ্গল; বিঘিনি; আসোঁবাহ; বিপাক
ill-luck; misfortune; trouble
- ঘাগাৰghāgāraNoun
খেঁকাৰ।
- ঘাগিghāgiNoun
যি বস্ত্তৰ আশ্ৰয় লৈ আন বস্ত্ত বাঢ়ে বা গোট খায়; যেনে -"শুকান খৰিৰ ঘাগি পাই জুই বেগাই লাগিল"
a nucleus
- ঘাগীghāgīNoun
ঘাই বা প্ৰধান লোক, বহুদৰ্শী মানুহ; বহুত দেখি-শুনি আৰু ভুগি জ্ঞানী হোবা মানুহ; যেনে-"বৱদ্ধ গোবালৰ ঘাগী" (দশম)
a veteran; an experienced man
- ঘাগৰাProper Noun
বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ৷
A tributary of Barak river in nothern bank.
- ঘাগৰিghāgariNoun
ঘূৰি; কঁকালত জৰীৰে কোঁচ খুবাই পিন্ধা মেখেলাৰ সদৱশ সাজ
a frock worn by singers at theatrical performance
- ঘাগৰি-গাঁতিghāgari-gām̐tiNoun
এফালে গাৰ কান্ধৰ ওপৰৈদি নি সিফালে কাৰলতি বা বাহুৰ তলেদি ওলোমাই মৰা কাপোৰ আদিৰ বান্ধ
cloth, etc., suspended from the top of the shoulder on one side to the side fot the body on the other
- ঘাগৰীgha.go.riMaterial Noun
চুটি ডিঙি আৰু দীঘলীয়া গাৰে এবিধ তাম বা পিতলৰ কলহ
a kind of water-jar with short neck and long body, made of copper or brass
- ঘাঘৰghāgharaNoun
ঘাগৰ।
- ঘাচিghāciNoun
জেউৰ।
- ঘাঞ্চghāñcaNoun
দ্ৰোহ; অপৰাধ; যেনে-"দেখা দেখা কৱষ্ণ কেনমত অহঙ্কাৰী। আমাতো লগাইলে ঘাঞ্চ পাইলে বৰ লাই" (ৰুক্মিণী-হৰণ)।
- ঘাটghāṭaNoun
গা ধোবা, পানী অনা, নাবত উঠা-নমা আদি কাম কৰিবলৈ নৈ বা পুখুৰীৰ পাৰত চল লগাই বা জখলা-খুপীয়াকৈ লোবা ঠাই
a bathing or landing place on the bank of a river or tank