কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰহাrahāAdjective
ৰহণ লগোবা; যেনে-"কলচীটি সোণৰ নহয়; সোণএৰে ৰহা ৰূপৰহে (বুৰঞ্জী)
guilded; coated
- ৰহিমProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- ৰহিয়ালrahiẏālaAdjective
ৰহা-চকীত থকা; ৰহাত উৎপন্ন
belonging to the outpost of Rahā born or produced at Rahā
- ৰহীয়াrahīẏāAdjective
ৰহ থকা
juicy
- ৰহৰহীraharahīAdjective
ৰাংঢালী আৰু কথকী।
- ৰহৰহীয়াraharahīẏāAdjective
ৰস থকা আৰু অলপ মিঠা (আম আদি)
juicy and slightly sweet
- ৰাংঢালীrāṇḍhālīAdjective
বৰ ৰঙিয়াল বা ধেমেলীয়া; চঞ্চলা (স্ত্ৰী)
gay; fickle
- ৰাংবৈয়াrāmbaiẏāAdjective
ৰাং পাতৰ নিচিনা পাতল
very thin like a tin-foil
- ৰাইকহrai.kohCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- ৰাইডঙীয়াAdjective
ৰাইডাঙৰ নিচিনা; ৰাইডঙীয়াৰ বা ৰাইডঙীয়াই তৈয়াৰ কৰা।
- ৰাইলাrāilāAdjective
লোকৰ ভাল দেখি মনত ৰোহ কৰা; খিয়লীয়া; চকু- পোৰা
envious
- ৰাওমুবাrāomubāAdjective
দন্দ্-হাই কৰা; চিয়ঁৰি চিয়ঁৰি সকলোৰে সৈতে দন্দ্ কৰা
quarrelsome
- ৰাওমুৱাrao`.mu.waProper Adj.
কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।
showing signs that something bad will happen.
- ৰাগান্বিতra.gan.bi.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ৰাগিয়ালAdjective
ৰাগযুক্ত; মতলীয়া কৰা; ৰাগ-জালে ধৰা
having intoxication
- ৰাগীAdjective
ক্ৰোধী।
- ৰাগীয়ালra.gi.yalProper Adj.
সুৰা, ঔষধ বা আন দ্ৰৱ্য, যি অস্থায়ীভাৱে শাৰীৰিক আৰু মানসিক নিয়ন্ত্ৰণ কম কৰে।
that affects temporarily with diminished physical and mental control like alcoholic liquor, a drug, or another substance, esp. to excite or stupefy with liquor.
- ৰাগীয়ে ধৰাra.gi.ye dho.raProper Adj.
নিচাসক্ত হৈ তন্দ্ৰালস হোৱা বা ভালকে ভাবিব নোৱাৰা অৱস্থা ৷
not fully awake or able to think clearly because the person has taken a drug
- ৰাঙলাrāṅalāAdjective
ৰঙা বৰণৰ; ৰক্ত-বৰ্ণা
red-coloured
- ৰাঙলীProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red