কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খালৈ-পেটাAdjective
খালৈৰ নিচিনা পেট- ডাঙৰ; গেৰেলা; পেটুবা
pot-bellied
- খালৈ-ভাঙীkhālai-bhāṅīAdjective
গেদ্গেদী; ভেদ্ভেদী; এবিধ ক'লা বা ছাইবৰণীয়া, চেপেটা, বাকলি থকা, মঙহাল, ঘোদা পানীত থকা মাছ [স্বাভাবিকতে ই লেধা আৰু ভেবা; ইয়াক সাধুত কাঞ্চনমতী বুলিও কয়; যেনে-"কাঞ্চনমতী বাই, মেললৈ যায় কি নেযায়।"]; সথলি
a kind of fish; Nandus marmaratus
- খাস্তাংkhāstāmAdjective
সমূলি নষ্ট; উবাৰ; উচ্ছন্ন
wholly destroyed or laid waste
- খাহৰজীয়াAdjective
গাঁবত থকা; গাঁবলীয়া; সামান্য; নীহ; চহা
rustic; vulgar; wanting refined manners
- খাড়khāṛaAdjective
পোনে পোননে ওপৰলৈ উঠা; থিয়
perpendicular; upright; standing
- খাৰাংখাচkhārāṅkhācaAdjective
স্পষ্ট
rough
- খাৰাপkhārāpaAdjective
বেয়া; মন্দ
bad; improper
- খাৰিজkhārijaAdjective
সলনি কৰা; এটা কাটি বা গুচাই আন এটা লিখা; যেনে-"পট্টাৰ নাম খাৰিজ কৰিলে"
mutated; changed
- খাৰিজ-দাখিলkhārija-dākhilaAdjective
নাম খাৰিজৰ প্ৰাৰ্থনা কৰি আদালতত দিয়া; যেনে-"খাৰিজ-দাখিল দৰ্খাস্ত বা মোকৰ্দ্দমা"
relating to mutation
- খাৰুবাkhārubāAdjective
খাৰ-মিহলি; খাৰে ধৰা; যেনে-"খাৰুবা পানী বা মাটি।"
- খাৰুৱাkha.ru.waProper Adj.
ক্ষাৰৰ গুণযুক্ত বা খাৰৰ নিচিনা
having the properties of an alkali
- খাৱৈচkha.woisVerbal Adj.
সৰহকৈ খাদ্য খাব পৰা লোক
one who can eat much
- খাৱৈয়াkha.woi.yaVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- খাৱৰীয়াkha.wo.ri.yaVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- খিংখিঙীয়াAdjective
অলপতে খং উঠা স্বভাবযুক্ত; সদায় খং কৰি বা গালি-শপনি পাৰি থকা
easily irritated; peevish
- খিংখিঙ্গীয়াkhing.khing.gi.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- খিকখিকkhik.khikProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিকিৰ্কিচীয়াkhikirkicīẏāAdjective
কিৰ্কিৰীয়া; খিচিৰা; গা-পাতল; চিঁয়া
thin; slender
- খিচিৰাkhicirāAdjective
ক্ষীণ; খিকিৰকিচীয়া; কিৰ্কিৰীয়া; লাহি; নলীয়া; চেৰেলা
lean; not plump; thin
- খিচ্খিচীয়াkhickhicīẏāAdjective
নিচেই সৰু বা লাহী অথচ টান
very small or slender but hard to the touch