খাৰুবা
khārubā
অৰ্থ
1.
খাৰ-মিহলি; খাৰে ধৰা; যেনে-"খাৰুবা পানী বা মাটি।"
বিণ.
2.
খাৰে ধৰা পানীত কমাই ফুৰা মাছ; যেনে-"সি খাৰুবা ধৰিছে।"
বি.
3.
কোনো বস্ত্তত লগাবলৈ দুই মূৰ মোকোটাই খাৰুৰ নিচিনা ঘূৰণীয়া কৰা গোটা লো; লোৰ নগৰা
an iron staple, ring or fetter
বি.
4.
পিপা আদি ডাঙৰ বস্ত্তত মেৰাই লগোবা চেপেটা লো
an iron hoop
বি.
5.
এবিধ ৰঙা কপাহী, ঢৰীয়া, বিদেশী কাপোৰ
a kind of coarse red cotton cloth
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ