কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গঁঠিয়াgam̐ṭhiẏāTransitive verb
জৰীত গাঁঠি দি দি বান্ধ্
to fasten or put on a string
- গঁতা মাৰ্go~.taVerb-Trans.
গলধনত ধৰি হাতেৰে আগলৈ ঠেলা মাৰ
push forward by the hand on the back of the neck
- গঁতিয়াTransitive verb
গঁতা মাৰ্; গল্ধনত ধৰি আগলৈ ঠেলা মাৰ্
to push forward with the hand applied to the back of the neck
- গঁবাৰিgam̐bāriVerb
সাজিছ; কৰিছ; কৈছ; নাম দিছ; যেনে-"কাহেক চোৰ গবাঁৰি" (বৰগীত)
to give a name to; to speak or call by name
- গচকgo.sokVerbal Noun
কোনো বস্তুৰ ওপৰত খোজ দিয়া কাৰ্য্য
the act of stepping on something
- গচক্gacakTransitive verb
খচক্; গৰক্
trend; trample
- গছাgachāNoun
চাকিৰ আধাৰ; চাকি থ'বৰ যতন; দীপাধাৰ
a stand for a native lamp
- গজলিয়াIntransitive verb
গজালি ওলা।
- গজাল মাৰ্go.jal marVerb-Trans.
হাতুৰিৰে কোবাই কাঠ, বাঁহ আদিৰ ভিতৰলৈ গজাল সুমাৱাই দে।
To fasten, join, or attach with or as if with a nail.
- গজালি মেল্go.ja.li melVerb-Intran.
(গছ, পাছলি আদিৰ)নতুন পাত বা গজালি উলিওৱা৷ যেনেঃ বুটখিনিয়ে গজালি মেলিলে৷
(cause a seed to) start growing; to produce new leaves/ buds.
- গজাল্, গজাল মাৰ্Transitive verb
to nail
- গজ্gajIntransitive verb
পুলি হ; গুটি ফাটি অঙ্কুৰ বা গজালি ওলা
to germinate
- গঞ্জ্gañjTransitive verb
লাজত পেলা; চেৰ পেলা; যেনে -"কৌস্ত্তভ মণিৰঃ প্ৰকাশে প্ৰভাতঃ সূৰ্য্যৰ জৌতিক গঞ্জে" (মা. আদিকাণ্ড)
to excel; to pale by comparison
- গঠন কৰ্go.thon korVerb-Trans.
সংগঠিত কৰ্ বা গঢ়ি তোল্; যেনেঃ এটা গোট বা দল গঠন কৰা
To organise or make up, like forming a group
- গঠিতgo.thi.toVerbal Adj.
গঢ় লৈছে বা সজা হৈছে।
made up of; comprising of.
- গড্ডলিকা প্ৰৱাহgod.do.li.ka pro.bahVerbal Noun
বিচাৰ বিৱেচনা নকৰাকৈ অনুসৰণ কৰা কাৰ্য্য ।
The act of following blindly.
- গণনা কৰ্go.no.na korVerb-Trans.
অঙ্ক কৰি সংখ্যা নিশ্চিত কৰ্
To ascertain or forecast, esp by mathematics or reckoning
- গণ্ডপ্ মাৰিgon.dop ma.riAdverb
অতিপাত গৰ্ব্ব বা অহংকাৰ কৰি।
with excessive pride or vanity.
- গণ্য কৰ্gonyo korVerb-Trans.
কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে সতৰ্কতাৰে চিন্তা কৰা
to think carefully about, esp. in order to make a decision
- গতাgatāTransitive verb
আনৰ হাতত দি; শোধাই দি; সমৰ্পণ কৰ্; . কৱদ
to make over; to deliver