কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শśa
ব্যঞ্জন বৰ্ণমালাৰ ত্ৰিশ সংখ্যাৰ আখৰ [সংস্কৱতত ইয়াৰ উচ্চাৰণ তালুৰপৰা হয় বুলি ই এটা তালব্য বৰ্ণ; অসমীয়া ভাষাত. "তালব্য শ", "মুৰ্দ্ধণ্য ষ" আৰু "দন্ত্য স", এনে উচ্চাৰণৰ বৰ্ণ বাস্তবিকতে নাই; অসমীয়াত এই তিনিওটা আখৰৰ উচ্চাৰণ একে আৰু ডিঙিত প্ৰশ্বাসৰ ঘঁহনি খাই হয়; বহুতে ইয়াক "শ্ৰী শ" বোলে।]
the thirtieth consonant; in pronounciation it is a guttural spirant, the sound being produced by the friction of the outcoming breath with the throst and the root of the tongue
- শ'লśa'laNoun
গোটা, দীঘল, গাত বাকলি থকা, পিঠি ক'লা আৰু পেটৰ ফালে হালধীয়া বৰণৰ এবিধ ডাঙৰ কাঠ মাছ
a kind of muddywater fish; ophiocephalus striotus
- শ'ল-জুকীয়া আলুśa'la-jukīẏā, āluNoun
কাঠ-আলুৰ এটা উপজাতি [সৰু সৰু শ'ল মাছ একোটাৰ সমান হৈ জোকা বান্ধি মাটিত বাঢ়ে।]
a variety of yam
- শ'ল-ঠাৰিNoun
সৰু শ'ল মাছ
a small "sol" fish
- শ'ল-ঠেকNoun
অতিশয় বিপদ; এবাৰ নোবৰা বিপদ বা অবস্হা।
- শ'লমাৰিśa'lamāriNoun
ম'হ বা গৰুৰ ডিঙিৰপৰা যুঁবলি বাগৰি পৰিব নোবৰাকৈ যুঁবলিত বিন্ধা দি ডিঙিৰ দুই কাষে মাৰি দিয়া গোটা শাল বা খুঁটি
the pin of ox or buffalo yoke
- শ`লProper Noun
দক্ষিণ-পূৱ এছিয়াত উপলভ্য আৰু সাধাৰণতে খাদ্য হিচাপে গ্ৰহণ কৰা সাপৰ মূৰৰ দৰে মূৰ থকা এবিধ মাছ।
a large snakehead fish commonly used as food and found mostly in South East asia also known for their wound healing properties.
- শঁক মণিśam̐ka, maṇiNoun
ফুটুকাৰ পাতৰ সমান আৰু সেই গঢ়ৰ কিন্ত্ত অতি মিহি আৰু চিকচিকীয়া পাতেৰে এবিধ ক্ষুদ্ৰ বন-গছ
a kind of plant
- শঁকচূৰśam̐kacūraNoun
গাত কাপ কাপ কৈ হালধঈয়া আৰু ক'লা পথালি আঁচ থকা এবিধ সাপ [ই আন সাপ ধৰি খায়; ইয়াক দেখিলে অমঙ্গল হয় বুলি কোনোবে বিশ্বাস কৰে; কোনোবে শাঁকবাজ বোলে।]
a kind of cobra with alternate yellow and black rings on the body; the black cobra; Squamata maia bungarus
- শঁকাśam̐kāNoun

- শঁকা সাপxo~.ka xapCommon Noun
এবিধ ক’লা-বৰণীয় ফেঁটী সাপ
a large poisonous snake, that inhabits grassy plains and sparse woodlands from southern Sudan southward to the Cape Peninsula in South Africa. It is the most common and most widespread snake belonging to the Elapidae, or cobra family. Adults average 5 to 6 feet (1.5 to 1.8 meters); individuals may grow to more than 8 feet (1.4 meters). It will attack with their venomous bite. While they will warn anything that is irritating it, they will strike quickly if the warning isn't heeded.
- শঁকা-আলুśam̐kā-āluNoun
চিনা-আলুৰ নিচিনা পাতেৰে এবিধ বনৰীয়া লতা [মাটিৰ তলত দীঘল বগা বৰণৰ আলু বাঢ়ে আৰু লতাৰ আগত গাঁঠিয়ে আলুগুটিৰ নিচিনা আলু আৰু লতাৰ আগত ফুল ধৰে; আলুৰ আঞ্জা খায়।]
a kind of wild yam
- শঁকালিśam̐kāliNoun
পানীত মাছ বা কাছ খোচা এবিধ দীঘল নাল লগোবা শূল
a kind of fishing spear
- শঁখśam̐khaNoun
এবিধ সাগৰৰ শামূক [তাৰ মূৰৰ বিন্ধাইদি ফুঁবাই বাদ্য কৰে।]
the conch-shell
- শংকমুখxong.ko.mukhCommon Noun
ডাঠ চাল থকা, দীঘল মুখৰ এবিধ উভচৰ সৰীসৃপ প্ৰাণী৷
Any of various large aquatic reptiles, chiefly of the genus Crocodylus, native to tropical and subtropical regions and having thick, armorlike skin and long tapering jaws.
- শংকলxong.kolProper Noun
খ্ৰীঃ চতুৰ্থ শতিকাত কামৰূপৰ ৰজা আছিল শংকলাদিৱ বা শংকৰদেৱ; বেজবৰুৱাই চমুকৈ শংকল বুলিও কৈছে৷ এওঁ গৌড় বা লক্ষণাৱতী চহৰ স্থাপন কৰিছিল - যিখন পাছলৈ বহু বছৰ জুৰি পুৰণা বংগ দেশৰ ৰাজধানী হৈ আছিল৷ উত্তৰ ভাৰতৰ সেই সময়ৰ কেদাৰ বাহ্মণ নামৰ ৰজাক শংকলে পৰাস্ত কৰিছিল৷ তেওঁৰ বিশাল সৈন্য বাহিনী আছিল৷ (উৎস - গোৱালপাৰাৰ ইতিহাস, আনন্দচন্দ্ৰ আগৰৱালা )সাহিত্য ৰথীৰ ভাষাত"উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণমহাবলৱন্ত ৰজা,কামৰূপাধিপতি শঙ্কলাদিবেঘটুৱালে কেনে বুজা৷বাজক দবা,চাৰি লাখ পদাতি, লাখ অশ্বাৰোহীচাৰি হেজাৰেক হাতী,শঙ্কলাদিবৰ বীৰ্য্য-বিক্ৰমৰভাৰত বিয়পা খ্যাতি৷ লক্ষ্মণাৱতী গৌৰ ৰজাৰআমাৰ শঙ্কলে কৰা, ৰাজধানী হৈ আছিল বঙ্গৰদুহাজাৰ বছৰ জোৰা৷
A great warior king from 4th century Kamrup, defeted mighty king Kedar Brahmin. Shankal possess a huge army with 4 lakhs infanty. (Source: - Encyclopedia of NE India Vol-I by Col Bed Prakash)
- শংকলাদিবxong.ko.la.dibProper Noun

- শংকাxong.kaAbstract Noun
বিপদৰ সন্মুখীন হোৱাৰ বাবে অথবা সম্ভাৱ্য বিপদৰ বাবে হোৱা মানসিক উত্তেজনা আৰু অস্থিৰতা।
A feeling of agitation and anxiety caused by the presence or imminence of danger.
- শংকুxong.kuAbstract Noun
এটা গোটা বস্তু, যাৰ পৃষ্ঠভাগ এটা নিৰ্দ্দিষ্ট বিন্দুৰ মাজেদি যোৱা এডাল ৰেখা আৰু সেই বিন্দুটো নথকা তথা এটা শীৰ্ষবিন্দুত লগ হোৱা দুটা সমান ভাগ থকা এখন নিৰ্দ্দিষ্ট বক্ৰতলৰ দ্বাৰা সৃষ্টি হয়।
a solid whose surface is generated by a line passing through a fixed point and a fixed plane curve not containing the point, consisting of two equal sections joined at a vertex.
- শংকৰxong.korProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.