কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ব-ছেৰাba-cherāAdjective
বংশ ছেদ কৰা; ভাই-ককাই আদি আপোনাৰ সম্বন্ধীয় মানুহৰ মৰম নজনা বা এৰা
estranged from one's relations
- বʼইজজাতProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)
- বঁজাbo~.jaProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- বঁহীয়াbam̐hīẏāAdjective
বাহী; সাধাৰণতে আগদিনা তিয়াই বা ধুই থোবা মাহ বা চাউলৰ দৰে গোন্ধোবা
stale; soaked in water overnight (said of pulse)
- বংকিমbong.kimProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- বংশগতbong.xo.gotProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- বংশজাতbong.xo.jatoVerbal Adj.
বংশ বা পৰিয়ালত জন্ম হোৱা ৷
Belonging to or born in a family.
- বংশপালকProper Adj.
পৰিয়াল থকা লোক
one who maintains a family
- বংশবৃদ্ধিVerbal Adj.
প্ৰাণী, উদ্ভিদ বা মানুহৰ প্ৰজনন কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process in animals, plants, or people of reproducing or breeding
- বংশানুক্ৰমিকbong.xa.nu.kro.mikProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- বংশানুগতbong.xa.nu.go.toProper Adj.
পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়
obtaining from or related to one's forefathers
- বংশীbaṃśīNoun
বাঁহী
a flute
- বংশীয়baṃśīẏaAdjective
কোনো এক বংশৰ
belonging to a particular family
- বংশোত্তৰAdjective
বংশীয়; বংশৰ; যেনে-"বংশোত্তৰ লোকসব আছয় আগুৰি" (শঙ্কৰ- চৰিত); বংশধৰ বি. বংশৰ ঘাই লোক
the principal man of a family
- বইজাতbaijātaAdjective
দগাবাজ; দুষ্ট; বি. বইজাতি, বইজ্জাতি।
- বইজ্জাতbaijjātaAdjective
দগাবাজ; দুষ্ট; বি. বইজাতি, বইজ্জাতি।
- বকটা-বকটAdjective
বখলা-বখল
divided into many flat pieces
- বকনাbakanāAdjective
পিয়ন এৰা; ডাঙৰ (গৰু, ম'হৰ পোবালি)
grown-up
- বকহা-বকহAdjective
সোপা-সোপ; আঁচুৰি এৰুওবা বস্ত্তৰ নিচিনা; ৰস আৰু সোবাদহীন
lumpish; tasteless
- বক্তব্যbaktabyaAdjective
ক'ব লগীয়া
to be said or spoken