-নিষ্ঠ
-niṣṭha
অৰ্থ
1.
নিষ্ঠা বা শ্ৰদ্ধাযুক্ত (অন্য শব্দৰ পাছত থাকে); যেনে-"জ্ঞাননিষ্ঠ হুয়া সবে এৰিবা বিষয়" (কীৰ্ত্তন)
বিণ.
2.
নিশ্চয়ে; যেনে-"ঈশ্বৰ কৱষ্ণেসে নিষ্ঠ পৰম আৰাধ্য দেব মোৰ তান নামে নিজ গতি" (নামঘোষা)
ক্ৰি. বিণ.
3.
ভক্তিযুক্ত; সেবক; ভক্তিপৰায়ণ; যেনে-"কৱষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শঙ্কৰ শিষ্ট কামৰূপে ভৈলন্ত বেকত"
বিণ.
4.
নিশ্চয়; যেনে-"প্ৰাচীন-বৰ্হিৰ আগে কৈলা নিষ্ট কৰি" (ৰত্নাবলী); ক্ৰি. বিণ. নিষ্ঠে নিশ্চয়ে।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ