কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰূঢ়িni.ru.rhiAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- নিৰোগী লোকNoun
healthy person
- নিৰোধnirodhaNoun
বাধা; প্ৰতিৰোধ; আটক কৰি ৰখা কাৰ্য্য; . সক. ধা. মানা কৰ্; যেনে-"তুলত যাইবাক মোক নিৰোধাহা কিক" (মা.; অযোধ্যাকাণ্ড)
check; restraint
- নিৰোধনNoun
বন্ধ কৰা কাৰ্য্য
obstruction
- নিৰোলnirolaNoun
"নিৰল" চোবাঁ।
- নিৰ্গঠনতন্ত্ৰnir.go.thon.ton.troAbstract Noun
১৯৬০ৰ দশকত <b>জাক ডেৰিডা</b>ৰ প্ৰস্তাৱিত,পঠন সম্পৰ্কীয় এক সাহিত্যিক আৰু দাৰ্শনিক তত্ব, যাৰ মতে কোনো পঠনে কেৱল এটা বা নিৰ্দিষ্ট অৰ্থহে বহন নকৰে, বৰং ইয়াৰ পৰা উদঘাটিত হব পাৰে অলেখ নতুন অৰ্থ, পাঠকেও সেই পাঠৰ পৰা সৃষ্টি কৰিব পাৰে লেখকে নভবা অৰ্থৰ| অৰ্থাৎ পাঠকো পাঠৰ স্ৰষ্টা হ’ব পাৰে|
a mode of analytical inquiry,a theory in literature and philosophy that states that a text may possess so many different meanings that it cannot have a single, fixed meaning. It emphasizes the role of the reader in the production of meaning
- নিৰ্গঠনতন্ত্ৰবাদnir.go.thon.ton.tro.badAbstract Noun
১৯৬০ৰ দশকত <b>জাক ডেৰিডা</b>ৰ প্ৰস্তাৱিত,পঠন সম্পৰ্কীয় এক সাহিত্যিক আৰু দাৰ্শনিক তত্ব, যাৰ মতে কোনো পঠনে কেৱল এটা বা নিৰ্দিষ্ট অৰ্থহে বহন নকৰে, বৰং ইয়াৰ পৰা উদঘাটিত হব পাৰে অলেখ নতুন অৰ্থ, পাঠকেও সেই পাঠৰ পৰা সৃষ্টি কৰিব পাৰে লেখকে নভবা অৰ্থৰ| অৰ্থাৎ পাঠকো পাঠৰ স্ৰষ্টা হ’ব পাৰে|
a mode of analytical inquiry,a theory in literature and philosophy that states that a text may possess so many different meanings that it cannot have a single, fixed meaning. It emphasizes the role of the reader in the production of meaning
- নিৰ্গত ৰশ্মিnir.go.to ros.miAbstract Noun
কোনো মাধ্যমৰ মাজেদি, পোহৰ ৰ শ্মি গৈ পুণৰ ওলাই অহা ৰশ্মি৷
A light ray that emerges from a propagation medium, such as a transmitted light ray that passed through an interface surface. See also incident ray, interface, interface surface, light ray, propagation, propagation medium, ray, reflected ray, refracted ray, transmitted ray.
- নিৰ্গমনnirgamanaNoun
বাহিৰলৈ ওলোবা কাৰ্য্য।
- নিৰ্গুণnirguṇaAdjective
সত্ত্বাদি গুণৰ বাহিৰ; বিষয় আদিত লিপ্ত নোহোবা; শুদ্ধ
not influenced by the three qualities of matter; undefiled by passion
- নিৰ্ঘণ্টnirghaṇṭaNoun
কোনো পুথিত থকা কথা অনায়াসে উলিয়া-বলৈ তাৰ মুখ-পাতত সংক্ষেপে লিখি ৰখা সেই পুথিৰ বিবৰণ
an index
- নিৰ্ঘাতnirghātaNoun
বজ্ৰপাত; যেনে-"নিৰ্ঘাত শঙ্কিয়া খেদি আইল গোপজাক" (কীৰ্ত্তন)
thunder-bolt; shaft of lightning
- নিৰ্ঘোষnirghoṣaNoun
উচ্চ শব্দ
a loud noise; a great sound
- নিৰ্জনnirjanaAdjective
নিজান; মানুহ নথকা; জনশূন্য
lonely
- নিৰ্জনতাnir.jo.no.taAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নিৰ্ঝৰnirjharaNoun
নিজৰা।
- নিৰ্ঝৰিণীnirjhariṇīNoun
নৈ।
- নিৰ্ণায়কnirṇāẏakaNoun
নিৰ্ণয় কৰোঁতা লোক
referee
- নিৰ্ণেতাnirṇetāNoun
নিৰ্ণয় কৰোঁতা লোক
referee
- নিৰ্ণয়nirṇaẏaNoun
নিশ্চয়; নিৰ্দ্ধাৰণ
determination