কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৰফharaphaNoun
লিখা আখৰ; বিশেষকৈ ছপাত মৰা আখৰ
script; a typed or printed letter
- হৰবাৰharabāraNoun
"নামঘোষা" ৰ এটি পটল।
- হৰমলাharamalāNoun
পাতল বাঁহ এফালৰ দুইকাষ দুডাল ৰছীৰ লেখীয়া চোঁচ উলিয়াই তাত ফৰিঙা লগাই এডাল বাঁহৰ কাঠিৰে মৰিয়াই মৰিয়াই বজোবা এবিধ অসমীয়া বাদ্যযন্ত্ৰ।
- হৰষho.roxAbstract Noun
আনন্দিত, আমোদিত বা সন্তুষ্ট হোৱা অৱস্থা
the state of joy, pleasure, satisfied.
- হৰাharāNoun
মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ
an incantation supposed to injure or kill a man when used against him
- হৰা-কৰ্মNoun
হৰা কৰি অনিষ্ট কৰা কাৰ্য্য; হৰা-কৰ্ম্মী, হৰা-কৰ্মী হৰা কৰি অনিষ্ট কৰোঁতা।
- হৰা-কৰ্ম্মNoun
হৰা কৰি অনিষ্ট কৰা কাৰ্য্য; হৰা-কৰ্ম্মী, হৰা-কৰ্মী হৰা কৰি অনিষ্ট কৰোঁতা।
- হৰাকৰ্মAbstract Noun
দুষ্ট উদ্দেশ্যৰ সৈতে জড়িত যাদু
magic involving the evil purposes
- হৰাত্মক প্ৰগতিho.rat.mok pro.go.tiAbstract Noun
A mathematical series which is an infinite series, that diverges, albeit slowly, to infinity
- হৰিhariNoun
পৰমেশ্বৰ; বিষ্ণু; কৱষ্ণ
God; Visnu
- হৰি-কীৰ্তনNoun
হৰি-সংকীৰ্ত্তন; হৰি-নাম
prayer offered to God or Visnu
- হৰি-কীৰ্ত্তনNoun
হৰি-সংকীৰ্ত্তন; হৰি-নাম
prayer offered to God or Visnu
- হৰি-ভকতhari-bhakataNoun
গুৰুৰপৰা একেলগে শৰণ লোবা লোক; সতীৰ্থ
a fellow disciple
- হৰি-সেবাhari-sebāNoun
বিষ্ণুৰ গুণানুকীৰ্ত্তন; হৰিকীৰ্ত্তন
worship of Visnu
- হৰিচৰণho.ri.so.ronProper Noun
ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি৷ তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল৷ অনন্ত কন্দলীয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলীৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷ পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুত্পত্তি লাভ কৰি অনন্ত কন্দলী নাম লাভ কৰে৷
A Brahmin poet (1540–1580) from Hajo, Kamrup district. Ananta Kandali`s real name was Haricharan, but he is popularly known by his scholastic title ’Ananta Kandali’. His father, Ratna Pathak, was a renowned scholar and expounder of the Bhagavata at the Madhava temple.
- হৰিজনharijanaNoun
অনুন্নত শ্ৰেণীৰ লোক (মহাত্মা গান্ধীৰ প্ৰদত্ত নাম)।
- হৰিণhariṇaNoun
ছাগলীৰ জাতিৰ কিন্ত্ত ফেৰেঙণি থকা শিঙেৰে এবিধ বনৰীয়া, ঘাঁহ খোবা জন্ত্ত [ইয়াৰ অনেক জাতি আছে
a deer; Axis porcinus
- হৰিণাhariṇāNoun
ছাগলীৰ জাতিৰ কিন্ত্ত ফেৰেঙণি থকা শিঙেৰে এবিধ বনৰীয়া, ঘাঁহ খোবা জন্ত্ত [ইয়াৰ অনেক জাতি আছে
a deer; Axis porcinus
- হৰিণা পহুho.ri.na po.huCommon Noun
ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷
any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers
- হৰিণাংকho.rMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).