কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঁহkām̐haNoun
টিন আৰু তাম মিহলাই কৰা এবিধ ধাতু
bell-metal
- কাঁহি-পাতkām̐hi-pātaNoun
কাঁহি-বনৰ পাত; যেনে-কাঁহিপাতে গা কাট্ (প্ৰবাদ)।
- কাঁহি-বনkām̐hi-banaNoun
কঁহুবা; খাগৰি জাতিত কিন্ত্ত তাতকৈ বহুত সৰু এবিধ বন
a kind of grass; saccharum spontaneum
- কাঁহিফুলkām̐hiphulaNoun
কাঁহি-বন; কাঁহি-বনৰ ফুল।
- কাঁহীkām̐hīNoun
কাঁহেৰে কৰা থাল বা ভাত খোবা পাত্ৰ
a plate made of bell-metal
- কাঁহী-বাটিMaterial Noun
ৰন্ধনৰ সা-সঁজুলি
A set of tools used for cooking and baking
- কাঁড়kām̐ṛaNoun
ধেনুৰ শব্দ
an arrow
- কাঁড় পাখিka~r pa.khiMaterial Noun
চৰাইৰ নতুনকৈ গজা পাখি৷
the newly grown feathers of a young bird.
- কাঁড়ঘৰka~r.ghorAbstract Noun
অস্ত্ৰ-শস্ত্ৰ জমা কৰি ৰখা ঠাই
Place for the storage of weapons and ammunitions
- কাঁড়চিহ্নka~r.sih.noAbstract Noun
কিহবাৰ অৱস্থান সূচাবলৈ ব্যৱহাৰ কৰা কাঁড়ৰ দৰে চিন
A symbol that looks like an 'arrow' indicating the direction of location of something.
- কাঁড়ীkām̐ṛīNoun
কাঁড়-মৰোঁতা
an archer
- কাঁৰ-যৰNoun
শৰ থোবা ঘৰ; অস্ত্ৰাগাৰ
a store-house for weapons; an arsenal
- কাঁৰিkām̐riNoun
মাছৰ দৰে পানীৰ তলে তলে কিন্ত্ত মানুহে চিনিব পৰাকৈ বেগেৰে কৰা গতি
the rapid movement as of a fish under the water perceivable by the human eye
- কাঁৰীkām̐rīAdjective
উৰাল বা ঢেঁকীত পৰিষ্কাৰ কৰা; কঁৰা
cleaned, as rice; husked
- কাঁৰ্ফাই.Material Noun
এচটা কাঠৰ মাজেৰে পথালিকৈ সুমোৱা এবিধ ধেনু৷
a weapon used, especially in the past, for shooting a short arrow with great force.
- কাঁৱৰka~worVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কাংkāmNoun
ওপৰ আৰু তল পাৰি দাঁতৰ দুই মূৰৰ জোৰা দুটা [এই জোৰা গাল আৰু কাণৰ সীমাত থাকে]
the hinge of the upper and lower jaws
- কাংসkāṃsaNoun
কাঁহৰ বাদ্য; বৰকাঁহ; যেনে -"ডম্বৰু বিপঞ্চি সপ্তস্বৰা আৰু কাংস" (কৰ্ণপৰ্ব্ব)
a bell made of bell- metal; a gong
- কাইkāi
কৰা যায়; যেনে-"কোটি কৰম কাই"
- কাই-কুতিkai.ku.tiAbstract Noun
কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷
the sensation felt when tickled.