কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিষ্প্ৰাণতাnis.pra.no.taAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- নিষ্প্ৰয়োজনniṣpraẏojanaAdjective
প্ৰয়োজন নথকা; আবশ্যক নথকা; নিৰৰ্থক; অকাৰণ
unnecessary
- নিষ্ফলতাnis.fo.lo.taAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- নিসঙ্গnisaṅgaAdjective
সঙ্গ নথকা; অকলশৰীয়া
having no companion
- নিসঞ্চিnisañciNoun
সঁচ নথকা; নিৰ্ম্মূল হোবা; যেনে-"পাপ শত্ৰু তাৰ নিসঞ্চি হুইবেক পাইবেক পৰম গতি" (দশম)।
- নিসনিnisaniNoun
ভাত সিজাৰ পাছত উলিয়াই পেলোবা পানী; সিজোবা ভাতৰ পানী বা মাৰ
water expressed from boiled rice
- নিসানnisānaNoun
শব্দ; যেনে-"কানু সাজে, কানু সাজে, সিজাৰ নিসান বাজে ৰে" (বৰগীত)
- নিসাৰিNoun
মাতবোল নথকা অবস্হা; যেনে-"দেখিয়া কেশবে পাছে কংসৰ নিসাৰি। কিৰীটি সহিতে চুলে ধৰি ঘণ্টা লাৰি" (দশম)।
- নিসিটানnisiṭānaNoun
নাম-গোবা পদৰ মাজে মাজে দীঘলকৈ মৰা ৰাগিণী।
- নিসূদকni.xu.dokCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- নিসূদনnisūdanaNoun
বধ কৰা কাম; বিনাশকৰণ। বিণ. বিনাশকাৰী; যেনে-দৈত্য-নিসূদন।
- নিস্তব্ধতাnis.tob.dho.taAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নিস্তাৰnistāraNoun
আপদৰপৰা সৰোবা; ৰক্ষা; উদ্ধাৰ
deliverance from danger
- নিস্তাৰকNoun
ৰক্ষা বা উদ্ধাৰ কৰোঁতা; মুক্তিদাতা
a deliverer; a saviour
- নিস্তাৰিণীta.ri.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- নিস্পৃহতাnis.pri.ho.taAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- নিস্পৃহাnis.pri.haAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- নিস্বানnisbānaNoun
শব্দ; যেনে-"কোনে দিব বংশীৰ নিস্বান" (কীৰ্ত্তন)
sound
- নিস্যন্দni.syon.doVerbal Noun
টোপ-টোপকৈ বা অতি লাহে-লাহেকৈ কোনো জুলীয়া বস্তু পৰা বা ওলাই অহা প্ৰক্ৰিয়া
a phenomena of liquid falling or oozing out in small drops/quantities
- নিসৰ্গnisargaNoun
প্ৰকৱতি
nature