কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুগুতাyugutāTransitive verb
অনেক বস্ত্ত গোটাই প্ৰস্ত্তত কৰ্; কোনো কাম কৰিবলৈ বস্ত্ত-বাহানি গোটা
to prepare; to make ready
- যুদ্ধ কৰ্jud.dho korVerb-Trans.
সাহস আৰু সংকল্পৰে যুদ্ধ কৰা, শত্ৰুক পৰাস্ত কৰিবলৈ সম্ভাব্য সকলো কৌশল প্ৰয়োগ কৰা৷
To contend with in battle; to war against; as, they fought the enemy in two pitched battles; to engage in combat.
- যুদ্ধকাছেyuddhakācheAdverb
ৰণুবাৰ দৰে সাজ পিন্ধি; যুদ্ধ কৰিবলৈ সষ্টম হৈ; যেনে-"নিচিনি স্বামীক পাছে। ধৰিলন্ত যুদ্ধকাছে" (কীৰ্ত্তন)।
- যুদ্ধযাত্ৰাjud.dha.jat.raVerbal Noun
যুদ্ধলৈ যোৱা কাৰ্য৷
a going out to battle.
- যুদ্ধৰতjud.dho.ro.toVerbal Adj.
যুদ্ধ কৰি থকা
egnaged in a fight or war
- যুবাইyubāiIntransitive verb
যোগ্য হয়; যেনে-"হেন কি কৱষ্ণক কন্যা দিবাক যুবাই" (ৰুক্মিণীহৰণ)।
- যুবায়yubāẏaIntransitive verb
যোগ্য হয়; যেনে-"হেন কি কৱষ্ণক কন্যা দিবাক যুবাই" (ৰুক্মিণীহৰণ)।
- যূথে যূথেyūthe, yūtheAdverb
দলে দলে; যেনে-"যূথে যূথে কোবাই মাৰিলে ত্ৰিনয়নে" (বঘাসূৰ-বধ)।
- যেতিক্ষণেyetikṣaṇeAdverb
যি ক্ষণত; যি সময়ত; যেতিয়া
when
- যেতিয়াyetiẏāAdverb
যি সময়ত; যি কালত
when
- যেতিয়াইAdverb
তাৰিখ, ঘণ্টা নোচোৱালৈ যি কোনো সময়ত।
at any time, irrespective of hour, date, etc.
- যেতিয়াই তেতিয়াইyetiẏāi, tetiẏāiAdverb
যেই সেই সময়তে; সময় অসময় একো বিচাৰ নকৰি
in season and out of season
- যেতিয়ালৈje.tiya.loiAdverb
নিৰ্দিষ্ট সময়লৈকে একেৰাহে ।
Upto the specified time.
- যেতিয়ালৈকেje.tiya.loi.keAdverb
নিৰ্দিষ্ট সময়লৈকে একেৰাহে ।
Upto the specified time.
- যেন তেনকৈAdverb
কোনো প্ৰকাৰে; কোনো উপায়েৰে; কষ্টেৰে; কথমপি
somehow; with difficulty
- যেন-তেনjen-tenAdverb
অৰ্থাত্ বৰ ভাল বা বৰ বেয়াও নোহোৱা যিকোনো এক প্ৰকাৰৰ ৷
Anything that is neither good nor bad.
- যেন-তেন প্ৰকাৰেণje.no-te.no pro.ka.re.noAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যেনতেনকৈjen.ten.koiAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যেনিyeniAdverb
যিপোনে; যিফালে; যি দিশে
in which direction
- যেনি-তেনিje.ni-te.niAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.