কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তহলto.holVerb-Trans.
নিৰাপদে থাকিবলৈ পহৰা দি থাক|
To watch over and defend or protect from harm.
- তহল দেto.hol deVerb-Trans.
নিৰাপদে থাকিবলৈ পহৰা দি থাক|
To watch over and defend or protect from harm.
- তহিতtahitaAdverb
সেই ঠাইত; যেনে-"নাৰদে সহিতে ব্ৰহ্মা মিলিলা তহিত" (ৰামায়ণ)।
- তহিতেtahiteAdverb
সেই ঠাইত; যেনে-"নাৰদে সহিতে ব্ৰহ্মা মিলিলা তহিত" (ৰামায়ণ)।
- তহিলং কৰ্to.hi.long korVerb-Trans.
সকলো বেমেজালিপূৰ্ণ বা শৃংখলাহীন কৰি পেলা।
make all things haphazard; bring disorderliness; create a chaotic atmosphere.
- তাঁত-বাটিta~t-ba.tiVerbal Noun
দুয়োমূৰে দুটা খঁটি পুতি এটা মূৰৰ পৰা আনটো মূৰলৈ সূতা মেৰিয়াই তাঁতৰ বাবে প্ৰস্তুত কৰা প্ৰক্ৰিয়া
the process of winding threads in the Assamese loom by fixing two poles on two ends and winding the thread from one end to the other
- তাঁত-বাটি কাঢ়্ta~t-ba.ti karhVerb-Intran.
কোনো বিশেষ উদ্দেশ্য আগত ৰাখি একেখন ঠাইলৈ বাৰে বাৰে অহা-কৰ্
to frequently visit the same place with some specific intention
- তাঁত-বাটি কৰ্ta~t-ba.ti korVerb-Intran.
দুয়োমূৰে দুটা খঁটি পুতি এটা মূৰৰ পৰা আনটো মূৰলৈ সূতা মেৰিয়াই তাঁতৰ বাবে প্ৰস্তুত কৰ্
to wind threads in the Assamese loom by fixing two poles on two ends and winding the thread from one end to the other
- তাঁতবাতিta~t.ba.tiVerbal Noun
দুখন ঠাইৰ মাজত ঘনাই অহা যোৱা কৰা কাৰ্য্য৷
Act of moving between two points(places)
- তাঁতবাতি কাঢ়্Verb-Trans.
(একেখন ঠাইলৈ) বাৰে-বাৰে অহা-যোৱা কৰ্
visit frequently (the same place)
- তাওকিলtau.kilVerbal Noun
কিলাকুটিৰে মৰা খোচ৷
a blow with the elbow.
- তাকৰকৈta.kor.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- তাকৰাTransitive verb
অলপমান কৰ্; কম কৰ্; কমা; টুটা; . কৱদ
to lessen; to decrease
- তাকৰীয়া হtakoriya hoVerb-Intran.
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
to become less in numbers or quantity than what is needed or required
- তাকৰীয়াকৈta.ko.ri.ya.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- তাঙ্গৰণtan.go.ronVerbal Noun
সংশোধন কৰি পুনৰায় ছপা কৰা পুথি ৷
one of a series of printings of the same book, newspaper, etc., each issued at a different time and differing from another by alterations, additions, etc.
- তাঙৰ্tāṅarTransitive verb
এবাৰ সজা বস্ত্তৰ কোনো ভাগ লৰাই আগতকৈ ভাল কৰ্
to improve
- তাড্tāḍTransitive verb
টাহ্; ঠাহ্; হেঁচি বা খুন্দি সুমা
to press or ram down
- তাতকৈtat.koiAdverb
দুটা কথা বা কামৰ ভিতৰত পিছৰটোক আগৰটোতকৈ শ্ৰেষ্ঠ দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় |
Used to mean something is better than the other one; more properly/correctly.
- তাতোtātoAdverb
তাতোকৈ; তাতকৈও
even; over that