কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘপAbstract Noun
দাৰে কোব মৰাৰ নিচিনা শব্দ
an imitative sound used to express that of striking with a broadsword.
- ঘপহ্ghapahNoun
দা-কুঠাৰেৰে কোব মাৰোঁতে উঠাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the stroke of a cutting instrument like hoe or axe
- ঘপৰ্ghaparNoun
দা-কুঠাৰেৰে কোব মাৰোঁতে উঠাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the stroke of a cutting instrument like hoe or axe
- ঘমঘণ্টghamaghaṇṭaNoun
গোলমাল; হুসস্হূল
confusion; disturbance
- ঘলাghalāNoun
এবিধ মাটিৰ পাত্ৰ
an earthern mug
- ঘলো-মলোghalo-maloNoun
বন-বাৰী নকৰা অবস্হা; কাম নকৰি গা ঘেলাই ফুৰা; যেনে-"সি ঘলো-মলো কৰি ফুৰিছে।"
- ঘাghāNoun
আঘাতৰ চিন; ক্ষত
a wound
- ঘাঁgha~Material Noun
কটাৰ কাৰণে হোৱা ক্ষতি
harm or damage that is done by a cut
- ঘাঁইপাতgha~i.patAbstract Noun
কোনো জালস্থান(ৱেবচাইট)ৰ সমুখৰ (আৰাম্ভণি)ৰ পৃষ্ঠাটো৷ সাঘাৰণতে সূচীপত্ৰৰ কাম কৰে৷
the introductory page of a website, typically serving as a table of contents for the site.a web page set as the default or start-up page on a browser.
- ঘাঁটনNoun
ঘঁটা কাৰ্য্য; মাৰি আদিৰে লৰাই দিয়া কাৰ্য্য; সঞ্চালন; . কৱদ
the act of stirring or agitating
- ঘাঁতghām̐taNoun
তাল-মৱদং আদিৰে গোবা গায়নৰ প্ৰতি আধ্যা বা ভাগৰ অন্তত এটাইবোৰ বাদ্য একেলগে বজাই মৰা সামৰণি; ঘেতা; গীত-বাদ্যৰ ছেদ; মান
simultaneous flourish or striking up all the musical instruments at the end of each division or part of musical performance
- ঘাঁহghām̐haNoun
জন্ত্তবে খোবা কোমল গছ-পাত, বন আদি তৱণ
fodder grass
- ঘাঁহ-কটীয়াNoun
ঘাঁহী; ঘাঁহ কটা মানুহ
a grass cutter
- ঘাঁহ-পেটNoun
গৰু, ম'হ আদিৰ পেটৰ বাওঁফালৰ ভাগ, য'ত খোবা ঘাঁহ থাকে।
- ঘাঁহ-বনgha~h-bonCommon Noun
ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়
narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay
- ঘাঁহ-শস্যবিজ্ঞানAbstract Noun
ঘাঁহ-বন সম্পৰ্কে কৰা অধ্যয়ন
study of grass
- ঘাঁহকটীয়াgha~h.ko.ti.yaCommon Noun
জন্তুক খুৱাবৰ বাবে ঘাঁহ কটা মানুহ ৷
One who cuts grasses for animals feeding.
- ঘাঁহনিNoun
ঘাঁহ থকা ঠাই; বননি
grass- land
- ঘাঁহীNoun
জন্ত্তবে খোবা ঘাঁহ যোগাওঁতা বা ঘাঁহ কটা মানুহ
a grass cutter
- ঘাইghāiNoun
এবাঁ গাখীৰ দৈ হ'বলৈ খোবা এবিধ মাটিৰ পাত্ৰ
an earthen pot used for converting milk into curd