কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকাশলংঘাa.kax.long.ghaProper Adj.
অতি উচ্চ, আকাশ চুই থকা ।
very tall, high up in the air.
- আকাশলংঘীa.kax.long.ghiProper Adj.
অতি উচ্চ, আকাশ চুই থকা ।
very tall, high up in the air.
- আকাশস্পৰ্শীa.kax.spor.xiProper Adj.
অতি উচ্চ, আকাশ চুই থকা ।
very tall, high up in the air.
- আকাশীAdjective
আকাশ বা শূন্যত হোবা বা বাস কৰা; যেনে-আকাশীলতা
living in the air or sky
- আকাৰহীনProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- আকাৰান্তākārāntaAdjective
"আ" বা তাৰ চিন অনুত বা শেষত থকা; "আ"
ending in ; or its symbol
- আকীৰ্ণākīrṇaAdjective
বিস্তীৰ্ণ, সিঁচৰতি
scattered
- আকুঞ্চিতAdjective
(পু. অ.) কোঁচ খোবা; কেঁকোৰা; যেনে-"নীল আকুঞ্চিত যাৰ কেশ" (কীৰ্ত্তন-ঘোষা)
curled
- আকুলākulaAdjective
ব্যগ্ৰ
eager
- আকুলতাNoun; Adjective
আকুলিত।
- আকৃতিহীনa.kri.ti.hinProper Adj.
যাৰ শৰীৰ, দেহ, বা কায় নাই ৷
Having no material body or form.
- আকৃষ্টa.kris.toVerbal Adj.
কোনোবা বা কিহবাৰ ফালে টনা বা গতি কৰাৰ প্ৰৱণতা দেখুওৱা
tending to move towards somebody or something
- আকোঁৰগোজa.ko’~r.go’jProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- আকোচাa.ko.saProper Adj.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোৱা
not prevented by a sense of shame
- আক্ষৰিকakh.yor.ikAdjective Adj.
কোনো শব্দ,বাক্য বা পাঠৰ স্পষ্ট, সহজবোধ্য, পোনপটীয়া অৰ্থ৷
the basic or obvious meaning of a word, phrase or a sentence; understanding them (or a text)without any interpretation or finding underlying meaning.
- আক্ৰমণমূলকak.ro.mon.mu.lokAdjective Adj.
লোকক আক্ৰমণ কৰাৰ অভিপ্ৰায়যুক্ত ।
Tending to invade; characterized by invasion; aggressive. Engaging in, or given to armed aggression. Marked by the tendency to spread, especially into healthy tissue.
- আক্ৰমণাত্মকak.ro.mo.nat.mokAdjective Adj.
লোকক আক্ৰমণ কৰাৰ অভিপ্ৰায়যুক্ত ।
Tending to invade; characterized by invasion; aggressive. Engaging in, or given to armed aggression. Marked by the tendency to spread, especially into healthy tissue.
- আক্ৰান্তAdjective
যাক আক্ৰমণ কৰা হৈছে; খেদি আহি ধৰা
attacked; seized
- আক্ৰামকProper Adj.
স্বাৰ্থ বা হিতৰ বিপৰীতে যোৱা
contrary to one's interests or welfare
- আকৰ্ষণকাৰীAdjective
attracting