কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অকলকতীয়াo.kol.ko.ti.yaProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- অকলঙ্কakalaṅkaAdjective
চেকা বা মল নথকা; নিৰ্ম্মল; নিষ্কলঙ্ক,
spotless; clean
- অকলশৰakalaśaraAdjective
লগ-সঙ্গ নথকা; . ক্ৰি. বিণ. অকলশৰে।
having no company or party
- অকলশৰীয়াAdjective
লগ-সঙ্গ নোহোবাকৈ থকা
living alone
- অকল্পনীয়o.kol.po.ni.yoProper Adj.
যিটোৰ বিষয়ে কল্পনা কৰা বা ভবাও অসম্ভৱ
Impossible to visualize or imagine
- অকল্পিতo.ko.pi.toVerbal Adj.
ঘটিব বা হ’ব বুলি চিন্তা নকৰা বা নভবা
not framed in a thought or thoughts
- অকাঁৰীakām̐rīAdjective
তুঁহ, মল নুগুচোৰা। নিকা নকৰা (চাউল)
uncleaned
- অকাজ-ভাগীakāja-bhāgīAdjective
কামৰ অযোগ্য; একো নজনা; অকামিলা; লবাছ; অবাল-চন্দ
ignorant; useless; worthless
- অকাজভাগীo.kaj.bha.giProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- অকাজীakājīAdjective
অপচু বা অকামিলা তিবোতা, ব'ব-কাটিব নজনা তিবোতা
a woman without skill in the art of weaving cloth
- অকাট্যakāṭyaAdjective
যাক যুক্তিৰে কাটিব নোবাবি; অখণ্ডনীয়; যেনে-অকাট্য যুক্তি
unanswerable; irrefutable
- অকাঠীo.ka.thiProper Adj.
সাৰ নধৰা বা নথকা নৰম গছ ৷
Having soft or inferior wood.
- অকাতৰakātaraAdjective
বিহ্বল নোহোবা
- অকামakāmaAdjective
কামনাশূন্য; নিষ্কাম
selfless
- অকামিলাakāmilāAdjective
কামব অযোগ্য; কাম কৰিব নোবৰা
without skill or capacity for work; worthless
- অকামীakāmīAdjective
কামনা বা উদ্দেশ্য নথকা; বাৰ্থ-শূন্য; নিষ্কামী; যেনে-"অকামীত ফল তোমাৰ নহৈব" (ক.গী.)
having no desire; disinterested
- অকাম্যo.kam.yoProper Adj.
যি কাম বা ঘটনা কৰাটো বা ঘটাটো উচিত নহয়৷
Something which is not welcome or acceptable
- অকাল কুষ্মাণ্ডo.kal kus.man.doProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- অকাল প্ৰসূতAdjective
অসময়ত হোবা
abortive
- অকাল-পকাo.kal-p.kaProper Adj.
(ক) পকিবৰ সময় নৌহওঁতেই পকা, আবতৰত পকা (খ) কম বয়সতে হোৱা অসাধাৰণ মানসিক বিকাশ
(a) ripe in advanced; prematurely ripe<br>(b) unusually advanced or mature in development, esp. mental development