কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেল্পলাইনAbstract Noun
ফোন কৰাসকলক সহায়, সেৱা বা তথ্য প্ৰদান কৰা টেলিফোন সেৱা
a telephone service which offers help, service or information to those who call
- হেল্লোhel.loAbstract Noun
দুজন ব্যক্তি মিলিত হওঁতে এজনে আনজনক জনোৱা অভিবাদন
Greetings when people meet.
- হেস্ত-নেস্তhesta-nestaNoun
নিশ্চয়তা; নিষ্পত্তি।
- হেহোঁ-নেহোঁhe.ho`~-ne.ho`~Abstract Noun
সন্দেহযুক্ত বা অনিশ্চিত অৱস্থা; মানসিক অনিশ্চয়তা বা ভয়ৰ কাৰণে হোৱা বিলম্ব।
a state of doubt or uncertainty; a delay due to uncertainty of mind or fear.
- হেয়জ্ঞানNoun
ঘৱণা
disregard; contempt
- হেৰফেৰher.pherAbstract Noun
অস্থিৰ অথবা সলনি হ’ব পৰা গুণ
The quality of being unsteady and subject to changes.
- হেৰম্বherambaNoun
গণেশ।
- হেৰাherāNoun
মানুহৰ প্ৰাণ নাশ বা অনিষ্ট কৰা এক প্ৰকাৰ কুমন্ত্ৰ
an incantation supposed to injure or kill a man when used against him
- হেৰাপোবাherāpobāNoun
এবিধ কোমল ধান [ইয়াৰ চাউল বৰকৈ কোমলে।]
a kind of paddy
- হেৰেপনিherepaniNoun
বতা-খাগৰি আদিৰ ডাঠ হাবি; গেজেপনি; ধন, জাঁজ খাই থকা সৰু হাবি
a thicket
- হেৰেম্বhe.rem.boProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- হেৰ্ফেৰ্herpherNoun
অলপ লৰচৰ বা কম-বেছি হোবা অবস্হা
slight difference
- হৈhaiNoun
"হৈ হৈ" শব্দ কৰি বি কিৰীলি মাৰি কৰা বিদ্ৰূপ
a hoot; an exclamation of contempt
- হৈ-খেদাhai-khedāNoun
মতা মানুহে খেলা এটা খেল [এজনে এটা ঘাই বা চিনৰপৰা হৈ হৈ বুলি দীঘল উশাহ টানি আগে আগে লৰি যোবা এজনক ছুবলৈ খেদি নিয়ে; একেটা উশাহ টানি থাকোঁতেই তাক ছুব পাৰিলে আগত লৰি যোবাজন "মৰে" বা হাৰে; উশাহ নসলোবাকৈ পুনৰ ঘাই ছুবহী লাগে; বাটত উশাহ মৰিলে আগত লৰি যোবাজনে ঘূৰি ছুব পাৰিলে হৈ দিয়াজন "মৰে"।]; হাদুম
a kind of man's outdoor game
- হৈ-খেলাhai-khelāNoun
মতা মানুহে খেলা এটা খেল [এজনে এটা ঘাই বা চিনৰপৰা হৈ হৈ বুলি দীঘল উশাহ টানি আগে আগে লৰি যোবা এজনক ছুবলৈ খেদি নিয়ে; একেটা উশাহ টানি থাকোঁতেই তাক ছুব পাৰিলে আগত লৰি যোবাজন "মৰে" বা হাৰে; উশাহ নসলোবাকৈ পুনৰ ঘাই ছুবহী লাগে; বাটত উশাহ মৰিলে আগত লৰি যোবাজনে ঘূৰি ছুব পাৰিলে হৈ দিয়াজন "মৰে"।]; হাদুম
a kind of man's outdoor game
- হৈ-গুদুhoi-gu.duAbstract Noun
দুটা দলৰ মাজত খেলা এবিধ খেল৷ একে উশাহতে প্ৰতিপক্ষৰ ক্ষেত্ৰত সোমাই ঘুৰি অহা বা প্ৰতিপক্ষৰ কোনো খেলুৱৈক চুই অহাৰ ওপৰতে নম্বৰ নিৰ্দ্ধাৰণ কৰা হয়৷
Kabaddi is a team sport originally from the Indian subcontinent. Two teams occupy opposite halves of a field and take turns sending a "raider" into the other half, in order to win points by tagging or wrestling members of the opposing team; the raider then tries to return to his own half, holding his breath during the whole raid.
- হৈ-হাল্লাhoi-hal.laAbstract Noun
বহুলোকে একে লগে উচ্চ স্বৰে কথা কওঁতে হোৱা ধৰণৰ শব্দ
a lot of noise, like when a number of people speak loadly simuultenously.
- হৈ-হৈhai-haiNoun
"হৈ হৈ" শব্দ কৰি বি কিৰীলি মাৰি কৰা বিদ্ৰূপ
a hoot; an exclamation of contempt
- হৈধ্বনিhaidhbaniNoun
"হৰিধ্বনি" শব্দৰ চুম্বক-ৰূপ।
- হৈমবতীhaimabatīNoun
পাৰ্ব্বতী; দুৰ্গা।