কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেতুবিদ্যাAbstract Noun
কিবা এটাৰ ব্যাখ্যা যিয়ে ইয়াৰ শেষ, উদ্দেশ্য বা লক্ষ্যক বুজায়৷
an explanation of something that refers to its end, purpose or goal.
- হেতুলুকাhe.tu.lu.kaProper Noun
অসমৰ লগতে ভাৰত তথা দক্ষীণ এচিয়াত পোৱা এবিধ ৰংচঙীয়া গছত থকা চৰাই।
a brightly colored tree dwelling bird found in Assam and other parts of South-East Asia.
- হেত্বাভাসVerbal Noun
যুক্তিযুক্ততাহীন বা ন্যায্যতাহীন হোৱা অৱস্থা বা গুণ
the state of being contrary to or disregardful of the rules of logic
- হেদামAbstract Noun
একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
A group of things placed or thrown, one on top of the other.
- হেদালিMaterial Noun
লতা জাতীয় গছ বগাবলৈ পাতি দিয়া চাং
A frame, structure or platform often made of bamboo, used to support the growth of creeper plants
- হেদায়েৎপুৰhe.da.yet.purProper Noun
গুৱাহাটী মহানগৰীৰ উল্লেখযোগ্য স্থান৷ হেদায়েত্পুৰৰ পুৰণি নাম কুকুৰমূতা৷
An important place in Guwahati city of Assam. Hedayetpur`s old name was Kukurmuta
- হেনhenaAdjective
নিচিনা; যেনে; প্ৰকাৰৰ
as; like; such
- হেন তেনNoun
এনে তেনে; এই প্ৰকাৰ
such and such
- হেনাCommon Noun
A flowering plant found in Asia and Africa. Its leaves and their powder are used dyeing hair, skin and leather.
- হেনা-হুচাhe.na-hu.saAbstract Noun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷
A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive
- হেন্দালিhen.da.liMaterial Noun
লতা জাতীয় গছ বগাবলৈ পাতি দিয়া চাং
A frame, structure or platform often made of bamboo, used to support the growth of creeper plants
- হেন্দোলhen.do`lCommon Noun
দ ঠাইত হোৱা এবিধ মজলীয়া আকাৰৰ জোপোহা গছ, প্ৰায় ৫-৮ মিটাৰ ওখ; থোপা-থোপে লগা ইয়াৰ গুটি ঔষধত ব্যৱহৃত হয় ৷
an evergreen tree of moderate size; 5-8 m tall with rough fissured dark grey bark and with red flowers; scientific name: Barringtonia acutangula
- হেন্দোলদোপhendoladopaNoun
তল-ওপৰ কৰা কাৰ্য্য; প্ৰবলভাবে লৰা বা জোকাৰ খোবা কাৰ্য্য; "দল্ দোপ্" চোবাঁ।
- হেন্দোলনিNoun
হেন্দোলা কাৰ্য্য
agitation; rapid to and from movement
- হেপাhepāNoun
মেকুৰীৰ সমান ওখ কিন্ত্ত তাতকৈ দীঘল এবিধ বনৰীয়া জন্ত্ত
a wild cat
- হেপানিhe.pa.niAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- হেপেটি-মুঈ, হেপোৰ- তেপোৰFeminine; Noun
বৰ পৰিশ্ৰম আৰু কষ্ট
toil and trouble
- হেমhemaNoun
সোণ; স্বৰ্ণ
gold
- হেমকোষhem.ko`xProper Noun
হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান৷ ইয়াক ১৯০০ চনত প্ৰকাশ কৰা হয়৷
the first etymological dictionary of the Assamese Language based on Sanskrit spellings, compiled by Hemchandra Barua. It was first published in 1900 under the supervision of Capt. P. R. Gordon, ISC and Hemchandra Goswami.
- হেমগেমhem.gemAbstract Noun
কম ঠাইত মানুহৰ এটা জুম।
a group of people in small space.