কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলাবীথিকাko.la.bi.thi.kaAbstract Noun
কলাবিদ্যাৰ নিদৰ্শনসমূহ সজাই থোৱা ঠাই৷
a room or series of rooms where works of art are exhibited.
- কলাবৎko.la.botCommon Noun
কলা, বিশেষকৈ সংগীতত উচ্চ খাপৰ প্ৰশিক্ষণ আৰু পাৰ্গতালি থকা ব্যক্তি৷
a highly trained and extraordinarilly skilled person in the techniques, performance of art, especially music.
- কলাভৃত্ko.la.bhritMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- কলামধুনাko.la.mo.dhu.naMaterial Noun
আঠীয়া কল-গছৰ আলু; ইয়াক পাতলকৈ চকলিয়াই আৰু ৰ`দত শুকুৱাই পুৰি কলাখাৰ তৈয়াৰ কৰে ।
The lower portion of the plantain shoot but above the root.It is used to make edible Alkali.
- কলাযাত্ৰাko.ta.ja.traAbstract Noun
গান বাজনাৰ দল৷ বিশেষ উদ্দেশে গঢ়ি তোলা এনে একোটা দলে ঠায়ে ঠায়ে প্ৰদৰ্শণ কৰি আগ বাঢ়ে৷
A cultural troup with skits dance-drama visiting place to place for a cause.
- কলাৰীথিকাkalārīthikāNoun
কলাবিদ্যাৰ নিদৰ্শনসমূহ সজাই থোবা ঠাই
art-gallery
- কলিkaliNoun
চতুৰ্থ যুগ; বৰ্ত্তমান যুগ; হিন্দুশাস্ত্ৰমতে এই কালৰ পৰিমাণ 4,32,000 বছৰ; খ্ৰিষ্টাব্দৰ তিনি হাজাৰ বছৰ আগেয়ে এই যুগৰ আৰম্ভ হয়
the fourth age of the Hindus said to have commenced three thousand years before Christ and to be lasting 4,32,00 years; the iron age
- কলি-কালNoun
কলি-যুগ; অন্যায় অধৰ্ম্মৰ যুগ বা কাল।
- কলি-নিগ্ৰহkali-nigrahaNoun
পৰীক্ষিত ৰজাই কলিকা দিয়া শান্তি [কলিয়ে ৰজাৰ বেশ ধৰি বলধ-ৰূপী ধৰ্ম্ম আৰু ধেনুৰূপী বনুমতীক শান্তি দিবলৈ ঘৰোঁতে পৰীক্ষিতে দেখি তাক কাটিব খুজিছিল; কিন্ত্ত কলিয়ে বৰকৈ কান্দি-কাতি ক্ষমা মাগিলত ৰজাই তাক নেমাৰি তেওঁৰ দেশৰপৰা বাজ কৰি দি তাৰ থকা ঠাই নিৰ্দ্দেশ কৰি দিলে।]।
- কলি-যুগkali-yugaNoun
কলিকাল; বৰ্ত্তমান যুগ
the present age; iron age
- কলিংগko.ling.goProper Noun
মধ্য পূব ভাৰতৰ এখন পুৰণি গণৰাজ্য৷ বৰ্তমানৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশৰ আৰু মধ্যপ্ৰদেশৰ কিছু অংশৰে গঠিত হৈছিল৷
An early republic in central East India that comprised most of the modern state of Odisha, northern parts of Andhra Pradesh and a portion of Madhya Pradesh.
- কলিকতাko.li.ko.taProper Noun
ভাৰতৰ এখন প্ৰধান মহানগৰ৷ ই পশ্চিম বংগৰ ৰাজধানী৷
A major city of metropolitan of India, the capital of the state of West Bengal.
- কলিকাkalikāNoun
নুফুটা ফুল; ফুলৰ কলি
flower- bud
- কলিকালko.li.kalAbstract Noun
অসততা, কুভ্যাস আদি প্ৰচলিত এটি কাল বা যুগ, সাধাৰণতে বৰ্তমান প্ৰচলিত যুগ বা কালক বুজায়৷
an age or period when immorality, dishonesty etc prevails, specially refers to the modern age.
- কলিঙ্গkaliṅgaNoun
উৰিষ্যা দেশৰ দক্ষিণ সীমাত সাগৰৰ দাঁতিত দ্ৰাবিড় দেশলৈকে জুৰি থকা দেশ।
- কলিজাkalijāNoun
মানুহ বা জন্ত্তৰ বুকত থকা মঙহৰ কলডিল, যাৰ দ্বাৰা গোটে ই শৰীৰত ঘনে ঘনে তেজ চলি থাকে; শৰীৰৰ জীব ধাৰণ কৰা আৰু অতি আবশ্যকীয় অংশ
the heart
- কলিঞ্জMaterial Noun
কোনো যন্ত্ৰৰ প্ৰদৰ্শনকাৰী অঙ্গ
display unit of a machine
- কলিতাkalitāNoun
হিন্দুধৰ্ম্মৰ অন্তৰ্ভুক্ত অসমৰ জাতি-বিশেষ।
- কলিতা-ফুৰনkalitā-phuranaNoun
আহোম ৰজাৰ এজন প্ৰধান বিষয়া
an officer of high rank during the Āhom Rājā's time
- কলিন্দনন্দিনীProper Noun
এখন নদীৰ নাম; হিন্দু শাস্ত্র মতে যমুনা হ’ল মৃত্যুলোকৰ দেৱতা যমৰ ভগ্নী আৰু সুৰ্য্যদেৱৰ জীয়ৰী। গংগাৰ এখন ডাঙৰ উপনৈ। আনহাতে বহ্মপুত্ৰইও বাংলাদেশত যমুনা নাম লৈছে।
name of a river; In Hindu Mythology, Yamuna is the sister of Yama, God of Death and daughter of the Sun God. A large tributary of Ganges. On the other hand Brahmaputra inside Bangadesh takes it name Yamuna.