কলি
kali
অৰ্থ
চতুৰ্থ যুগ; বৰ্ত্তমান যুগ; হিন্দুশাস্ত্ৰমতে এই কালৰ পৰিমাণ 4,32,000 বছৰ; খ্ৰিষ্টাব্দৰ তিনি হাজাৰ বছৰ আগেয়ে এই যুগৰ আৰম্ভ হয়
the fourth age of the Hindus said to have commenced three thousand years before Christ and to be lasting 4,32,00 years; the iron age
বি.
কলি যুগৰ অধিষ্ঠাতা আৰু সমস্ত অকৰ্ম্ম আৰু পাপ ঘটোবা দেবতা
Kali, the spirit of the present age and personifying all evils and sins; the evil-doer
বি.
নুফুলা ফুল
a flower bud
বি.
কুমলীয়া গুটি
an immature fruit
বি.
কোনো বস্ত্তৰ মূৰত সাজি বা গঢ়ি দিয়া কলিৰ আকৱতিৰ বেঁটু; যেনে-"টেমা-বঁটাৰ কলি"
a budshaped knob fixed at the top of anything for ornamentation
বি.
গীতৰ দোহৰা আৰু সামৰণিৰ মাজৰ অংশ
part of a song
বি.
খাঁজত সুমাবলৈ কটা বা সজা আল
tenon
বি.
কাঠ, ধাতু বা নাৰিকলৰ খোলাৰে কৰা ধোঁবাখোবাৰ পানী ভৰাই ৰখা আধাৰটো
the water-pot of a hooks
বি.
সিজোবা মুগাৰ ভিতৰৰ শিৰ নুঠাখিনি মাৰি এডালৰ মূৰত লুটিয়াই লুটিয়াই জাপি খোবা লদা [পাছে তাৰপৰা জোঠা-সূতা কাটে।]
a ball of the unreeled parts of a mugā cocoon
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ