কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোলাkholāNoun
কোনো কোমল বস্ত্ত বেৰি থকা টান আবৰণ বা ঢাকনি; যেনে-"মূৰৰ খোলা; কণীৰ খোলা; নাৰিকলৰ খোলা; "
a skull; a shell
- খোলা-চপৰীয়া পিঠাkho`.la-so.po.riya pi.thaMaterial Noun
চাউলৰ শুকান পিঠাগুড়ি খোলাত দি হাতেৰে চপৰিয়াই চেপেটা কৰি তাৰ ভিতৰত গুড় আৰু বটা তিল মিহলাই দি শুকানে ভজা এবিধ পিঠা৷
a kind of Assamese cake; a turn or small pie made by turning half of a circular crust of dry flour over the other half which has been covered with sugar and fried sesamum.
- খোলা-ছেনাkholā-chenāNoun
কঁহাৰে পাত্ৰত ফুল কটা এবিধ সৰু ছেনা
a chisel for cutting metal
- খোলা-মুগাkholā-mugāNoun
ভিতৰত পথিলা বা লেটা নথকা মুগাৰ খোলা; পখিলা জগি এৰি যোবা মুগাৰ বাঁহ বা খোলা
the covering of the chrysalis of the muga silk worm left by the insect on reaching the winged state
- খোলাকটিkholākaṭiNoun
ভগা মাটিৰ পাত্ৰৰ সৰু সৰু খণ্ড
small pieces of broken earthen pot
- খোলাকটিৰ তালkho`.la.ko.tir talAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- খোলাকুটিkholākuṭiNoun
ভগা মাটিৰ পাত্ৰৰ সৰু সৰু খণ্ড
small pieces of broken earthen pot
- খোলাচপৰীয়া, খোলাচপৰীয়া পিঠাkholācaparīẏā, kholācaparīẏā, piṭhāNoun
বৰা চাউলৰ শুকান পিঠাগুড়ি খোলাত দি হাতেৰে চপৰিয়াই চেপেটা কৰি তাৰ ভিতৰত গুড় আৰু বটা তিল মিহলাই দি শুকানে ভজা এবিধ পিঠা
a kind of Assamese cake; a turn or small pie made by turning half of a circular crust of dry flour over the other half which has been covered with sugar and fried sesamum
- খোহkhohaNoun
খোঁক; ঠেক চুক
a small room; a corner of a house
- খোহাkhohāNoun
খোঁচা; চালৰ উৰুখনি মাৰিবলৈ সুমাই দিয়া খেৰ
thatching grass inserted in the roof of a house to stop leakage
- খোৰkhoraNoun
সৰু গাঁত
a cavity or small hole
- খোৰচেংkho`r.sengCommon Noun
a large, stately bird and a medium-sized crane at 100-130 cm (40-52 in) long, with a 180-240 cm (71-96 in) wingspan and a weight of 4.5-6 kg (10-13.2 lbs). It is grey with a white facial streak and a bunch of black wing plumes. Adults have a red crown patch. It has a loud trumpeting call, given in flight and display. It has a dancing display, leaping with wings uplifted. It breeds in wetlands in northern parts of Europe and Asia.
- খোৰাkhorāAdjective
পেঙুৰা; লেঙেৰা; লেকেচিয়াই বা ঠেং ভগাৰ দৰে খোজ কঢ়া
lame
- খোৰা-বাচনিkhorā-bācaniNoun
বেঁকাকৈ বা চুক ভাঙি ভাঙি (খোৰা "দ"-ৰ আকৱতিৰ) ফুল তোলা বা কাপোৰ বোবা এটা বাচনি বা মোৰ; সেই নিচিনা মোৰৰ ফুল- বছা কাপোৰ
a particular mode of weaving ornamentations; a cloth with such ornamentations
- খোৰাকkhorākaNoun
খোবা বস্ত্ত বা তাক কিনিৰলৈ দিয়া নগদ ধন
food or money paid to purchase it
- খোৰাকিkhorākiNoun
খোবা বস্ত্ত বা তাক কিনিৰলৈ দিয়া নগদ ধন
food or money paid to purchase it
- খোৰাকীMaterial Noun
আইনসঙ্গতভাৱে পৰিত্যাগ কৰা পত্নীক পতিয়ে দিবলগা ধন
Money payable by the husband to his legally divorced wife
- খোৰোংkhoromNoun
ধোন্দ
a hollow in a tree
- খোৰোচাkhorocāNoun
চোঁচনি গাঁঠি; টান মাৰিলে আট খাই ধৰা গাঁঠি
a noose; a slip knot
- খোৰোচা-জৰীkho`.ro`.sa-jo.riMaterial Noun
কোনো গধুৰ বস্ত্ত ধৰিব বা দাঙিবৰ কাৰণে দুই মূৰ ঘূৰাই আঙঠিৰ নিচিনাকৈ বান্ধি লোৱা বেত বা জৰী।
a loop with a running knot of rope or cane made for holding or pulling heavy goods.