কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শীৰ্ষśīrṣaNoun
মূৰ; উপবিভাগ; শীৰ্ষস্হানীয় প্ৰধান; মূৰৰ ওপৰত থকা।
- শীৰ্ষ-সন্মিলনxir.xo-xon.mi.lonAbstract Noun
বিভিন্ন দেশ বা প্ৰদেশৰ উচ্চ-বিষয়া, মন্ত্ৰী, ৰাষ্ট্ৰপতি আদিৰ সন্মিলন
a meeting of the highest level of diplomatic or other governmental officials
- শীৰ্ষকxir.xokAbstract Noun
Heading at the top of an article or page, esp. in a news paper or summary of the most important items in a news bulletin
- শীৰ্ষবিন্দুxir.xo.bin.duAbstract Noun
যি বিন্দুত এটা সমতলীয় ক্ষেত্ৰৰ দুটা বাহু মিলিত হয়; ভূমিৰ পৰা আটাইতকৈ আঁতৰত থকা বিন্দুটো
the intersection of two sides of a plane figure, which is the point farthest away from its base
- শীৰ্ষস্থানAbstract Noun
কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।
the highest or most important point or level achieved.
- শীৰ্ষাসনxir.xa.xonProper Noun
ভৰি ওপৰলৈ কৰি মূৰৰ ওপৰত থিয় হৈ কৰা এক যোগাসন
an exercise (yoga) in which a person rests his body on his head keeping the legs up
- শুঁঠśum̐ṭhaNoun
শুকাই খোবা বস্ত্ত; যেনে-বেল-শুঁঠ
a dried or preserved fruit
- শুঁঠিśum̐ṭhiNoun
গোবৰ আদিৰ শুকান অবস্হা
something dried like cow-dung
- শুঁহৰিśum̐hariNoun
স্বামীৰ লগত ভাৰ্য্যাৰূপে থকা অবস্হা
wifehood
- শুঁৰśum̐raNoun
হাতীৰ নাক [ই দীঘল হৈ ওলমি পৰে আৰু একৰকম হাতৰো কাম কৰে।]
the trunk of an elephant
- শুঁৰ বোবা টেঙেচিśum̐ra, bobā, ṭeṅeciNoun
দেখিবলৈ টেঙা-সোলেঙৰ নিচিনা কিন্ত্ত তাতকৈ সৰু পাতেৰে, মাটিত শুঁৰ বাই বগাই যোবা, ৰঙচীয়া বৰণৰ এবিধ বনৰীয়া টেঙা শাক; হাতী-টেঙেচি
a kind of pot herb
- শুঁৰ-খেলাśum̐ra-khelāNoun
"শলি-খেল" চোবাঁ।
- শুঁৰপোকśum̐rapokaNoun
শস্যৰ গছৰ ভিতৰে ভিতৰে খাই শস্য নষ্ট কৰা এবিধ পোক; . "শূঁৰ" চোবাঁ।
a kind of borer injurious to crops
- শুঁৰীśum̐rīNoun
মদ বেচোঁতা মানুহ।
- শুংśumNoun
ধান আদি শস্যৰ গাত থকা জোঙা ছল
the awn or beard of corn or grass
- শুং-সূত্ৰśum-sūtraNoun
উবাদিহ; কোনো বিষয়ে অলপ খবৰ
a clue; slight information
- শুংশুঙীয়াśuṃśuṅīẏāNoun
এবিধ বনৌষধি জৰ-লতা
a kind of medicinal herb
- শুংসূত্ৰxung.xu.troAbstract Noun
কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
A knowledge or understanding of something hidden.
- শুকśukaNoun
ভাটৌ চৰাই
a parrot
- শুক মুনিxu.ko mu.niProper Noun
শুকদেৱ বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ আছিল৷ তেওঁ অতি বিদ্বান শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু ৰজা পৰীক্ষিতক ভাগৱত শুনাইছিল৷
Shuk was the son of sage Vyasa, who was the writer of the Vedas. He was a great scholar and recited Bhagawata in front of king Parikshit.