কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলডিলkol.dilMaterial Noun
কলগছৰ ফুল| বহুতো অঞ্চলত ইয়াক খাদ্য হিচাপে খোৱা হয়| অসমত সাধাৰণতে ভীমকলৰ কলডিলক সকলোতকৈ উপাদেয় বুলি ভবা হয়|
Deep red colored flower of a banana plant. It is eaten as food in many parts of the world including Assam.
- কলঢোপ-কলঢোপkalaḍhopa-kalaḍhopaNoun
কলপ্ কলপ্; কষ্টত মুখ মেলি উশাহ লোবা কাৰ্য্য।
- কলত্ৰkalatraNoun
তিৰোতা; ঘৈণী।
- কলদিলাMaterial Noun
কলগছৰ ফুল| বহুতো অঞ্চলত ইয়াক খাদ্য হিচাপে খোৱা হয়| অসমত সাধাৰণতে ভীমকলৰ কলডিলক সকলোতকৈ উপাদেয় বুলি ভবা হয়|
Deep red colored flower of a banana plant. It is eaten as food in many parts of the world including Assam.
- কলধূতkol.dhutMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- কলধ্বনিAbstract Noun
সৰু চৰাইৰ শুৱলা মাত
continuous sound of birds
- কলনko.lonAbstract Noun
নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠওৱা প্ৰক্ৰিয়া৷
The variation of a property of an electromagnetic wave or signal, such as its amplitude, frequency, or phase. The process is used send low frequency data mixed with a high frequency carrier wave.
- কলন গণিতko.lon go.nitAbstract Noun
Calculus (from Latin, "counting stone") is a major area in mathematics. It builds on analytic geometry and is used to solve problems in mathematics, science, and engineering, many of which cannot be solved using algebra alone.
- কলনবিধিAbstract Noun
পৰ্য্যায়ক্ৰমে কোনো এটা সমস্যা সমাধান কৰাৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াত ব্যৱহৃত নিয়মাৱলী
a set of rules for solving a problem in a finite number of steps
- কলনাওkol.nao`Material Noun
পানীত চলা এক বাহন, বিশেষকৈ পাল আৰু যন্ত্ৰচালিত সমুদ্ৰত চলাব পৰা ডাঙৰ বাহন ৷
an aquatic vessel, esp. a large ocean-going one propelled by sails or engines
- কলনাদAbstract Noun
এক মিঠা ধ্বনি
a sweet voice
- কলনিkalaniNoun
কলৰ বাৰী; বহুত কল গছ থকা ঠাই
an orchard of plantain trees
- কলপkalapaNoun
গাৰ ছাল
the skin
- কলপটুৱাkol.po.tu.waMaterial Noun
কল গছৰ বাকলি
sheath of a banana plant
- কলপাতko.la.patCommon Noun
কলগছৰ পাত, ইয়াক নামঘৰত মাহ-প্ৰসাদ খাবৰ কাৰণে সৰু সৰুকৈ কাটি ব্যৱহাৰ কৰা হয় ৷
a leaf of a banana tree.
- কলপ্kalapNoun
গোটে গোটে অৰ্থাৎ নোচোবোবাকৈ কোনো বস্ত্ত গিলিলে, নতুবা মুখ মেলি মেলি কষ্টেৰে উশাহ লওঁতে শব্দ হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced when swallowing anything without chewing or grasping for breath
- কলপ্ কলপ্kalap, kalapNoun
কাপ্-কাপ্; বৰ কষ্টত বা মৰিবৰ সময়ত মুখ মেলি উশাহ লোবা কাৰ্য্য
act of grasping for breath
- কলপ্-জলপ্kalap-jalapNoun
অতি দুখ-কষ্ট বা দুৰ্গতিত পৰা অবস্হা
state of being in distress or trouble
- কলপ্-ধলপ্kalap-dhalapNoun
অতি দুখ-কষ্ট বা দুৰ্গতিত পৰা অবস্হা
state of being in distress or trouble
- কলমkalamaNoun
কাপ; লেখনী
a pen