কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাহায্যপ্ৰাপ্তxa.ha.jyo.prap.toVerbal Adj.
যি সহায় বা অনুদান লাভ কৰিছে, বিশেষকৈ আৰ্থিক
one who has received help or assistance, particularly financial
- সাহিত্যানুৰাগীxa.hi.tya.nu.ra.giProper Adj.
সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ থকা ব্যক্তি
a person having special interest in literature
- সাহিত্যিকxa.hi.tyikCommon Noun
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
- সাহিয়ালsāhiẏālaAdjective
সাহ থকা; ভয় নথকা; সাহসী
courageous; brave.
- সাড়ম্বৰxa.rom.borProper Adj.
লোকক আকৰ্ষণ কৰিবলৈ জাক-জমকীয়া আয়োজন কৰা।
Intended to attract notice and impress others; characterized by or given to pretentious or conspicuous show in an attempt to impress others.
- সাৰsāraAdjective
গছৰ মাজৰ টান বা উত্তম অংশ; গছৰ মজ্জা
the heart of a tree
- সাৰগ্ৰাহীxar.gra.hiProper Adj.
বিভিন্ন উৎসৰপৰা সংগ্রহ বা গ্রহণ কৰা উত্তম (উপাদান)।
choosing,accepting the best freely from various sources.
- সাৰগৰ্ভsāragarbhaAdjective
জানিব লগা বা সাৰ কথা থকা।
- সাৰশূন্যsāraśūnyaAdjective
সাৰ পদাৰ্থ নথকা।
- সাৰস্বতsārasbataAdjective
সৰস্বতী বি বিদ্যা-সম্পৰ্কীয়।
- সাৰুবাsārubāAdjective
সাৰ থকা; উৰ্ব্বৰা; বলী (মাটি)।
fertile
- সাৰুৱাxa.ru.waProper Adj.
পোৱালী জন্ম দিব পৰা বা ঘাহ-বন গজিব পৰা৷
capable of producing offspring or growing or developing, not dry.
- সাৰেং-ঠেঙীয়াsārem-ṭheṅīẏāAdjective
সাৰেং চৰাইৰ দৰে দীঘল ঠেং বা ভৰিযুক্ত; বগলী-ঠেঙীয়া
long-legged
- সাৰেংঠেঙীয়াxe.reng.dhe.ngi.yaProper Adj.
সাৰেং চৰাইৰ দৰে দীঘল ঠেঙীয়া ।
a person with long legs
- সাৰোগতsārogataAdjective
আবশ্যকীয় বা উপকাৰী বুলি গ্ৰহণ কৰা
considered to be of vital importance
- সাৰ্থxar.thoProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- সাৰ্থকsārthakaNoun; Adjective
সফল; কামত লগা; উদ্দেশ্য সিদ্ধি হোবা; . বি. সাৰ্থকতা।
bearing fruit; having justification; success-ful
- সাৰ্ধxar.dhoProper Adj.
এক আৰু আধা
one and half part of a given entity.
- সাৰ্বকালিকsārbakālikaAdjective
সকলো কালৰ; চিৰন্তন
eternal
- সাৰ্বজনিকxar.bo.jo.nikProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.