← ফুৰি যাওক

সাৰ

sāra

অৰ্থ

1.

গছৰ মাজৰ টান বা উত্তম অংশ; গছৰ মজ্জা

the heart of a tree

বিণ.

2.

বস্ত্তৰ ঘাই'বা অতি উত্তম ভাগ

the essence or principal part of anything

বি.

3.

অতি আবশ্যকীয়; প্ৰধান; ঘাই

essential; principal

বিণ.

4.

শস্যাদি বাঢ়িবৰ নিমিত্তে আবশ্যকীয় বস্ত্ত

বিণ.

5.

মানুহৰ ধাতুৰ বিকাৰত হোবা একপ্ৰকাৰ ৰোগ [ইয়াৰ কেইবাবিধো; যেনে-"তেজ-সাৰ মূতোঁতে তেজ ওলাৰ ; কুহুম-সাৰ মূতৰ লগত হালধীয়া অৰ্থাৎ হাঁহ-কণীৰ কুহুমৰ নিচিনা গেঁদ পৰে ( ); জল-সাৰ মূত বেছি আৰু জলজলীয়া বগা হয় ( ); বিন্দু-সাৰ মূতৰ লগত বীৰ্যা পৰে ( )।]

(blood discharged with urine) ; jaundice ; diabetes ; spermatorrhoea

বিণ.

6.

প্ৰদৰ ৰোগ [এই ৰোগ তিৰোতাৰ হয়। ইয়াৰ দুবিধ- ৰক্ত-প্ৰদৰ মূতৰ লগত তেজ যায় ( ); শ্বেত-প্ৰদৰ মূতৰ লগত বীৰ্য্য পৰে ( )।]

bloody catamania ; white catamania

বিণ.

7.

স্পৰ্শ-বোধ; চেতনা

sensation of touch-sense

বিণ.

8.

টোপনি নহা অবস্হা; অনিদ্ৰা; . ক্ৰি. বিণ. সাৰে।

wake fulness

বিণ.

9.

অক্ ধা. বিপদৰপৰা এৰা; ৰক্ষা পৰ্; ধৰা নিদি পলা

to escape

বিণ.

10.

শোটা-বাঢ়নী আদিৰে অঁতা; জাবৰ গুচা; . সাৰ কৰ্ অতি আবশ্যকীয় বা দৰকাৰী বুলি ধৰ্; . সাৰ পা চেতনা পা; সজাগ হ

to sweep, as floor ; to take or recognise as the most important thing ; to regain sense; to wake

সক. ধা.

11.

উমান বা গম পা; to feel. সাৰ ফুট্ গছ বুঢ়া হৈ তাৰ মাজ ভাগ টান হ; . সাৰ-সুৰ, সাৰ-সিকতি বি. চেতনা; গম; . বি. সাৰণ হাত সৰা বা ধৰা নপৰা কাৰ্য্য বা অবস্হা; যেনে-"তাৰ আজি সাৰণ নাই"

to form the heart, as a tree ; sense; wake- fulness ; escape; avoidance

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ