কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিকটিক কৰ্tik tik korVerb-Intran.
(ঘড়ী/জেঠীয়ে) নিয়মীয়াকৈ আৰু বাৰে বাৰে সৰু, মিহি, চুটি শব্দ কৰা৷
to make short, regular, light and repeated sounds (e.g. as a clock does)
- টিকটিক শব্দ কৰ্tik tik xob.do korVerb-Intran.
(ঘড়ী/জেঠীয়ে) নিয়মীয়াকৈ আৰু বাৰে বাৰে সৰু, মিহি, চুটি শব্দ কৰা৷
to make short, regular, light and repeated sounds (e.g. as a clock does)
- টিকাত কিলাইṭikāta, kilāiAdverb
অলপো কম নকৰাকৈ; সম্পূৰ্ণ পৰিমাণে; যেনে-"সি তাৰ বস্ত্তৰ দাম টিকাত কিলাই আদায় কৰিলে"
fully; without slight reduction
- টিকি ঠাকti.ki thakVerb-Trans.
সুদীৰ্ঘ সময়ৰ বাবে বহন কৰা বা ধৰি ৰখা
To support or bear for a long time
- টিক্ṭikTransitive verb
তং কৰ্; মনত ভাবি বা গমি চা
to consider; to reflect
- টিক্চি বিক্চি উঠ্tik.si bik.si uthVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- টিঘিলঘিলাṭighilaghilāIntransitive verb
টিল্ঘিলা।
- টিঘিলঘিলাই ফুৰ্ti.ghil.ghi.lai purVerb-Intran.
কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্
to walk around slowly in a relaxed way or without any clear purpose or direction
- টিটকাৰি মাৰ্tit.ka.ri marVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- টিপ মাৰ্tip marVerb-Intran.
to momentarily close the eye-lids.
- টিপাṭipāNoun
আঙুলি বা হাতেৰে মৰা চেপা
a squeeze
- টিপা মাৰ্ti.pa marVerb-Trans.
কোনো বস্তুত একে সময়তে দুই বা ততোধিক ফালে হাতেৰে বা কোনো সঁজুলিৰে চাপ প্ৰয়োগ কৰা কাৰ্য্য
to apply pressure from two or more sides at the same time
- টিপি-টাপিṭipi-ṭāpiAdverb
পিটিকি-মুচৰি; ভালকৈ পৰীক্ষা বা বিবেচনা কৰি
examining the details; considering the pros and cons
- টিপ্ṭipTransitive verb
আঙুলিৰে হেঁচ্ বা চেপ্
to press with the fingers or toes; to squeeze
- টিলিকি মাৰ্ti.li.ki marVerb-Intran.
বুঢ়া আৰু মাজৰ আঙুলিক লগ-লগাই শব্দ কৰ্
To snap or blow lightly by pressing a fingertip against the thumb and suddenly releasing it.
- টিল্ঘিলাṭilghilāIntransitive verb
ওপৰঞ্চি বা শাসন নথকাৰ বাবে মুকলি মূৰে ধেমালি কৰি ফুৰ্; . কৱদ
to play or strut about without restraint
- টিৰিক্ṭirikIntransitive verb
অলপ পৰিমাণে পাতলীয়া শোচ কৰ্
to void a very small quantity of loose stool
- টীকা সংযোগ কৰ্ti.ka xong.jo`g korVerb-Trans.
ৰচনা, শব্দ বা ছবিত চমু টোকা বা অৰ্থ সন্নিৱিষ্ট কৰ্
to add a brief explanation or meaning to a text or word or diagram
- টীকাকৰণti.ka.ko.ronVerbal Noun
মানুহ বা ঘৰচীয়া জীৱ-জন্তুৰ শৰীৰত আগেয়ে দোষমুক্ত বা অনিষ্টকাৰী গুণ নোহোৱা কৰি লোৱা জীৱাণু সুমুৱাই দি ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰা কাৰ্য্য
the introduction into humans or domestic animals of microorganisms that have previously been treated to make them harmless for the purpose of inducing the development of immunity
- টুংṭumTransitive verb
গছৰপৰা ছিঙ্ (ফুল, ফল)
to pluck