কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আওকণীয়াভাৱেao`.ko.ni.ya.bha.beAdverb
যথোপযুক্ত মনোযোগ নিদিয়াকৈ
without paying due attention
- আওকাণ কৰ্au.kan korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- আওকাল্āokālTransitive verb
আঁকোবাল্।
- আওখালao’.khalVerb-Trans.
নঘঁহা-নমজাকৈ অলপ পানীৰে ধো ৷
to wash (utensils) without rubbing or using soap, using little water.
- আওখাল্āokhālTransitive verb
অলপকৈ ধো বা নিকা কৰ্; নঘঁহা-নমজাকৈ পৰিষ্কাৰ কৰ্ (পাত্ৰ)
wash slightly or without rubbing
- আওঠা-ওলগ্āoṭhā-olagIntransitive verb
অতি হীনভাবে খাট্; বৰ হীনভাবে আলপৈচান ধৰ্ বা সেবা কৰ্; যেনে-ডাঙৰীয়াৰ ইমান দিন আওঠা-ওলগিও ভালৰি বোলাব নোবাৰিলো
to serve meanly; to cringe
- আওডাল্āoḍālTransitive verb
জোঁকাৰ্; ঘনে ঘনে লৰা; সঞ্চালন কৰ্
shake
- আওঢালেAdverb
বেয়াফালে; যিফালে হ'ব নালাগে সেইফালে; যেনে-বতাহে গছজোপা আওঢালে পেলালে
on the wrong side
- আওপকীয়াকৈao`.po.ki.ya.koiAdverb
পোনপটীয়াভাৱে নিবিছৰাকৈ বা আচল কথাটোলৈ প্ৰত্যক্ষভাৱে নোযোৱাকৈ
Not directly sought or not going straight to the point
- আওফাল মাৰ্Intransitive verb
আচল ফালে বা চল লগাই ধৰাৰ বিপৰীত ফালে পাক মাৰ্ বা যা; যেনে-মাছটো আওফাল মাৰি হাতৰপৰা এৰাই গ'ল
to give a sudden movement to the reverse side
- আওবাটেao`.ba.teAdverb
Out of the right way
- আওবাটে যাao`.ba.te jaVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- আওহেলা কৰ্ao`.he.la korVerb-Trans.
Fail to care for or not paying any attention
- আওহেলা কৰ্ao’.he.la korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- আওৰাāorāTransitive verb
মনত ৰাখিবলৈ ঘনে ঘনে মাত; পুনঃ পুনঃ আবৱত্তি বা অভ্যাস কৰ্
to repeat frequently (a lesson) for committing to memory
- আকণ্ঠākaṇṭhaAdverb
পেটৰপৰা ডিঙিলৈকে পূৰ কৰি; যেনে- আকণ্ঠ ভোজন
up to the throat
- আকম্পVerbal Noun
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold
- আকলিVerb-Trans.
হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
to cling closely, especially by holding by hands.
- আকলে-বিকলেākale-bikaleAdverb
আকুলভাবে; অস্হিৰভাবে; কাতৰভাবে; যেনে-"লবক কুশক গলত বান্ধি। আকলে-বিকলে আছিলা কান্দি" (শ্ৰীৰাম-কীৰ্ত্তন)
distractedly
- আকল্ākalTransitive verb
আঁকোবাল্।