← ফুৰি যাওক

আকল্

ākal

অৰ্থ

1.

আঁকোবাল্।

সক. ধা.

সমাৰ্থক শব্দ

2.

আঁকোবাল মাৰি ধৰ্; যেনে-"মাৰিল অসূৰ ৰামে হাতত আঁকলি" (দশম)।

সক. ধা.

সমাৰ্থক শব্দ

3.

সাবট্; সামৰ্; ঢাকি ধৰ্; যেনে-"হেন ভকতৰ কিঞ্চিত ছিদ্ৰক সজ্জনে থাকে আকলি" (নামঘোষা)।

সক. ধা.

সমাৰ্থক শব্দ

4.

চকুৰে মন্; দেখ্; যেনে-"মাধবৰ মন্দিৰক দূৰতে আকলি" (কীৰ্ত্তন-ঘোষা)

to discern or perceive by the eye

সক. ধা.

5.

বুজ্; বিবেচনা কৰ্; যেনে-"সীতাৰ বচন পাচে ৰাঘবে আকলি" (মা. ক. অৰণ্য-কাণ্ড)

to consider

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ