কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হনুhanuNoun
থুঁতৰি
the chin
- হনুমন্তhanumantaNoun
অঞ্জনা নামে বান্দৰীৰ গৰ্ভত ওপজা বায়ুৰ পুত্ৰ [শ্ৰীৰামচন্দ্ৰৰ লঙ্কা-যাত্ৰাত এওঁ প্ৰধানকৈ সহায় কৰিছিল।]
name of a monkey chief said to have been a powerful of Rāmacandra in his war against Rāvana
- হনুমন্তাhanumantāNoun
এবিধ ডাঙৰ সেউজীয়া মাছৰোকা
a kind of gigantic fisher
- হনুমানhanumānaNoun
অঞ্জনা নামে বান্দৰীৰ গৰ্ভত ওপজা বায়ুৰ পুত্ৰ [শ্ৰীৰামচন্দ্ৰৰ লঙ্কা-যাত্ৰাত এওঁ প্ৰধানকৈ সহায় কৰিছিল।]
name of a monkey chief said to have been a powerful of Rāmacandra in his war against Rāvana
- হন্তাhantāNoun
বধোঁতা; প্ৰাণ নাশ কৰোঁতা; ধ্বংস কৰোঁতা
a killer; a destroyer; a murderer
- হন্তাৰকhon.ta.rokCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- হন্দৰhandaraNoun
hundred-weight
- হবনhabanaNoun
হোম, অগ্নিত ঘিউ দি উপাসনা কৰা কাৰ্য্য
the act of offering oblation to fire
- হবিhabiNoun
ঘিউ।
- হবিঃho.bihMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- হবিচhabicaNoun
হবিষ্য।
- হবিষ্যhabiṣyaNoun
শ্ৰাদ্ধাদি কৰ্ম্ম-কাৰ্য্যৰ আগদিনা দুপৰীয়া সাঁজ অন্নাহাৰ নকৰি গধূলি সাঁজ নিৰামুহীয়াকৈ অৰ্থাৎ মাছ, মাংস, তেল আদি নোহোবাকৈ ভোজন কৰা কাৰ্য্য
a fasting observed in the previous day of some particular religious ceremony in which a single vegetarian meal is taken
- হবিষ্যান্নhabiṣyānnaNoun
হবিষা।
- হবিৰশনho.bi.ro.xonMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- হবিৰ্ভুকho.bir.bhukMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- হব্যবাহনho.byo.ba.honProper Noun
হিন্দু ধৰ্মমতে জুইৰ দেৱতা
the God of fire according to Hindu religion
- হব্যভুকho.byo.bhukProper Noun
হিন্দু ধৰ্মমতে জুইৰ দেৱতা
the God of fire according to Hindu religion
- হব্যাশho.byaxProper Noun
হিন্দু ধৰ্মমতে জুইৰ দেৱতা
the God of fire according to Hindu religion
- হব্যাশনho.bya.xonProper Noun
হিন্দু ধৰ্মমতে জুইৰ দেৱতা
the God of fire according to Hindu religion
- হম্ হম্ham, hamNoun
জলি থকা জুইৰ শব্দ
an imitative word used to express the sound of a burning fire