কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টাং-গুটিṭām-guṭiNoun
এডাল মাৰিৰে এটা কাঠৰ গুটি কোবাই এফালৰপৰা আন ফাললৈ চলাই নি দুদল মানুহে ধেমাৰি কৰা এবিধ খেল
an outdoor game played with a wooden ball and sticks; hockey
- টাং-টালীtang-ta.liProper Adj.
মিছা কথা কোৱা মানুহ ৷
A person who has lied or who lies repeatedly.
- টাংটিংṭāṇṭimNoun
হাতুৰী বা সেই নিচিনা টান বস্ত্তৰে ধাতু আদি কোবাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the ring of an anvil
- টাংটিঙালিṭāṇṭiṅāliNoun
প্ৰতিজ্ঞা বা কথা নৰখা স্বভাব; প্ৰবঞ্চনা কৰা বা মিছা কথা কোবা স্বভাব
act of putting off by false pretences; untrustworthiness; deceitfulness; fraud; wickedness
- টাংটিঙ্গালিtang.tinga.liAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- টাংষ্টেনtangs.tenMaterial Noun
এবিধ ধাতব পদাৰ্থ৷ ইয়াক উলফ্ৰেম বুলিও কোৱা হয়৷ পৰ্য্যাবৃত্ত তালিকাত ইয়াৰ ক্ৰমিক সংখ্যা ৭৪
a chemical element with symbol W and atomic number 74
- টাংৰাংṭāṃrāmNoun
মিছা কৈ কোনো কাম কৰাত বা বস্ত্ত দিয়াত বিলম্ব কৰা কাৰ্য্য; কথা বা কামৰ অন্যথা বা লৰচৰ
the act of putting off by means of false excuses; deviation
- টাইṭāiNoun
নিজক ডাঙৰ কৰি কোবা কথা
a boast; a brag
- টাই ফাকেCommon Noun
অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অঞ্চলত বসবাস কৰা টাই-ভাষা ভাষী এক জনগোষ্ঠী
? Tai-speaking indigenous ethnic group living in Dibrugarh district and Tinsukia district of Assam and some parts of Arunachal Pradesh
- টাইক’ ব্ৰাহেProper Noun
সপ্তদশ শতিকাৰ ডেনমাৰ্কৰ জ্যোতিৰ্বিদ৷ টাইক’ ব্ৰাহেৰ সূক্ষ্ম জ্যোতিৰ্বৈজ্ঞানিক পৰ্য্যবেক্ষণ আৰু গেলিলিঅ’ গেলিলিৰ ভূমিৰ পৰা প্ৰক্ষেপিত প্ৰক্ষেপকৰ গতি অধ্যয়নৰ ভেঁটিত জ’হান্স্ কেপলাৰৰ জ্যোতি পদাৰ্থ বিজ্ঞানৰ তত্ত্বসমূহে গঢ় লৈ উঠিছিল আৰু কেপলাৰৰ এই তত্ত্বসমূহৰ ভিত্তিতেই নিউটন আৰু তেওঁৰ সমসাময়িকসকলৰ এই পদাৰ্থ বিজ্ঞানৰ বুনিয়াদ গঢ়ি উঠিছিল।
Tycho Brahe, born Tyge Ottesen Brahe, was a Danish nobleman known for his accurate and comprehensive astronomical and planetary observations. He was born in Scania, then part of Denmark, now part of modern-day Sweden.
- টাইগ্ৰিছtai.grisProper Noun
টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ দুই নদীৰ মাজত গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছপটেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছপটেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷
The Tigris River is the eastern member of the two great rivers that define Mesopotamia, the other being the Euphrates. The river flows south from the mountains of southeastern Turkey through Iraq.
- টাইদCommon Noun
মিছিং সকলৰ জনগোষ্ঠী পৰিচায়ক উপাধি বিশেষ
A title of the Mising people in Assam
- টাইপেtai.peProper Noun
টাইৱানৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ৷
Taipei, officially known as Taipei City, is the capital of Taiwan, a sovereign state in East Asia officially known as the Republic of China.
- টাইফয়দti.phoidAbstract Noun
অন্ত্ৰত হোৱা এবিধ জীৱাণুজনিত মাৰাত্মক ৰোগ।
a infectious, fatal disease that attacks intestines. it is characteristics includes inflammation in intestines.
- টাইমṭāimaNoun
সময়।
time
- টাইমুৰtai.murProper Noun
চেংগিছ খাঁৰ মোগল সামাজ্য উদ্ধাৰৰ বাবে যত্ন কৰা, পাৰ্চিয়া আৰু মধ্য এচিয়াৰ ৰজা ঠাইমুৰে ভাৰত আক্ৰমণ কৰিছিল।
A Turco-Mongol conqueror and the founder of the Timurid Empire in Persia and Central Asia. He was also the first ruler in the Timurid dynasty. Timur envisioned the restoration of the Mongol Empire of Genghis Khan.
- টাইৱানtai.wanProper Noun
টাইৱানৰ দক্ষিণ এচিয়াৰ সাৰ্বভৌম চহৰ৷
Taiwan, officially the Republic of China, is a sovereign state in East Asia. The Republic of China, originally based in mainland China, now governs the island of Taiwan, which makes up over 99% of its territory.
- টাউনta.unAbstract Noun
নগৰতকৈ সৰু আৰু গাঁৱতকৈ ডাঙৰ, নিৰ্দ্দিষ্ট সীমা থকা আৰু চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়ৰ অধীনত থকা এক ঘন জন-বসতিপূৰ্ণ এলেকা
a thickly populated area, usually smaller than a city and larger than a village, having fixed boundaries and certain local powers of government.
- টাকনিṭākaniNoun
আকৌ সহজে খূলিব পৰাকৈ বন্ধা বান্ধ; যেনে-"নাবৰ ছৈৰ টাকনি"
the binding of a boat cover
- টাকুৰি-বৰাṭākuri-barāNoun
নল-বৰা।