কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছলি-পলিso.li-po.liCommon Noun
ল’ৰা বা ছোৱালী
people between birth and full growth
- ছশমাsos.maMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- ছহchahaNoun
প্ৰলোভন; কোনো কাৰ্য্যত সম্মতি কৰাবলৈ দিয়া মিছা আশা
false hope held out to induce one to do a certain act
- ছহিছchahichaNoun
ঘোঁৰাৰ আল-পৈচান কৰোঁতা
a horse-groom
- ছহিদchahidaNoun
ধৰ্ম্মযুদ্ধত নিহত হোবা ব্যক্তি।
- ছহৰchaharaNoun
নগৰৰ বাজে আন বসতিৰ ঠাই; গাঁও
village
- ছহৰীয়াchaharīẏāNoun
চহৰৰ শান্তি ৰক্ষক; চকীয়াল
a watchman
- ছা-ছলিchā-chaliNoun
ল'ৰা-ছোবালী; ল'ৰা-দামুৰি
children
- ছাঁchām̐Noun
কোনো আঁৰ বা ঢাকনিৰ গতিকে হোবা বাদ বা পোহৰৰ অভাব; ৰ'দ বা পোহৰ নপৰাকৈ ৰখা আঁৰ বা ঢাকনি
a shade; a screen
- ছাঁদMaterial Noun
ঘৰৰ ওপৰত পানী-ৰ’দ আদি নপৰিবলৈ দিয়া ঢাকনি ৷
A protective covering that covers or forms the top of a building/house.
- ছাঁয়াsa~.yaAbstract Noun
পোহৰক বাধা দিয়া কোনো বস্তুৰ পিছফালে মজিয়াত বা আন কোনো পৃষ্ঠত পৰা ক’লা প্ৰতিচ্ছবি
a dark figure or image cast on the ground or some surface by a body intercepting light
- ছাঁয়ানৃত্যsa.ya.nri.tyoAbstract Noun
নৃত্যশিল্পীৰ ছাঁয়া পৰ্দাত প্ৰতিফলিত কৰি প্ৰদৰ্শন কৰা এক নৃত্য
A dance presented by casting shadows of dancers on a screen
- ছাঁয়াবাদsa~.ya.badAbstract Noun
ইন্দ্ৰিয় শক্তিৰে ঢুকি নোপোৱা তথ্যসমুহৰ বিষয়ে থকা মত ।
the belief that knowledge of God can be gained by contemplation, vague or ill-defined religious or spiritual belief.
- ছাঁয়ালিপিsa~.ya.li.piMaterial Noun
কিতাপ,কাগজ, ছবি বা তথ্য আদিৰ হুবহু কলা-বগা বা ৰঙীণ প্ৰতিলিপি;
photographic copy of books, paper, picture or document
- ছাইchāiNoun
জুয়ে পুৰি গুৰি কৰা বস্ত্ত; ভস্ম
ashes
- ছাই মদsai modMaterial Noun
ধানৰ তুঁহৰ ছাইৰ পৰা বনোৱা লাউপানী, মিছিং সকলৰ পৰঃ আপং।
A kind of beer made from the ash of rice husk, a kind of indigenous beer almost exclusively made by the Mishing community, Poro Apong.
- ছাই-খাৰchāi-khāraNoun
ধান খেৰ পুৰি কৰা খাৰ; "খাৰ" চোবাঁ।
- ছাই-বৰণsai-bo.ronAbstract Noun
ক’লা আৰু বগা মিহলি হৈ হোৰা ৰং; মটীয়া বগা ৰং |
Of an achromatic colour of any lightness intermediate between the extremes of white and black; smoke like colour.
- ছাই-ভস্মAbstract Noun
জলি নিঃশেষ হৈ যোৱাৰ পাচত থকা অৱশিষ্ট৷
remains after being destroyed by fire
- ছাইণ্টুনsain.tunCommon Noun
আমোদ আৰু তথ্যৰ বাবে অংকিত বিজ্ঞান ভিত্তিক কাৰ্টুন৷ইংৰাজী science আৰু cartoon শব্দ দুটা যোৰা লগাই সৃষ্টি কৰা নতুন শব্দ৷
(science cartoon) science cartoons which aim at providing laughter and information on science/scientific research/criticism of some aspects of science