কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁহুৱানিko~.hu.wa.niCommon Noun
কঁহুৱা বনেৰে ভৰি থকা ঠাই
a plot of land or a place covered by Kans grass or Saccharum spontaneum
- কঁড়িয়া-কঁড়িkam̐ṛiẏā-kam̐ṛiNoun
কাঁড় মৰা-মৰি; কাঁড়েৰে কৰা যুদ্ধ
shooting arrows at one another; mutual discharge of arrows
- কঁড়ীয়াko~.ri.yaMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- কঁঢ়াkam̐ṛhāNoun
এবিধ ওখ ডাঙৰ আওকাঠী গছ [ইয়াৰ পাত চোম-পাতৰ সমান ডাঙৰ, পকিলে টিক্ টিক্ কৰে ৰঙা হয়; ইয়াৰ পাত এড়ীপলুক খুবায়; চেলেং গছৰ এটা উপজাতি]
a kind of tree; Sapiu, eugenia folium
- কঁৰাkam̐rāNoun
ভাঁবৰি-মাৰিত মেৰ খাই থকা মুগা-সূতা
a quantity of mugā silk wound on a spindle
- কঁৰা চাউলko~.ra sa.ulMaterial Noun
চালনীত নসৰকা নভগা গোটা চাউল।
unbroken rice which remains on the sieve after sifting.
- কঁৰাশলিNoun
ভাঁবৰিৰ মাৰি; মুগা সূতা কাটোঁতে সূতা মেৰাই লোবা মাৰি
the spindle on which mugā thread is wound
- কঁৰিয়াkam̐riẏāIntransitive verb
শৰ মাৰ্ বা প্ৰহাৰ কৰ্; কাঁড় মাৰ্
to shoot with a arrow
- কঁৰীয়াko~.riyaMaterial Noun
এবিধ তিৰোতাৰ কাণৰ অলংকাৰ
a kind of female ear ornament.
- কংকটkong.kotMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- কংকটকkong.ko.tokMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- কংকণীkong.ko.niMaterial Noun
খোজ কাঢ়োঁতে জুন-জুনাই যোৱা ভিতৰত জুনুকা ভৰোৱা ভৰিত পিন্ধা এবিধ অলঙ্কাৰ|
A jingling ornament worn round the ankles.
- কংকনkong.konMaterial Noun
হাতত পিন্ধা এবিধ অলঙ্কাৰ |
Jewellery worn around the wrist for decoration.
- কংকনা ৰানাৱটProper Noun
বলিউডৰ এগৰাকী অভিনেত্ৰী৷
An actress of Bollywood
- কংকালkong.kalMaterial Noun
মঙহ বাদ দি শৰীৰৰ গোটেই হাঁড়ৰ সজাটো।
the framework of bone, cartilage, or other rigid material supporting the body of an animal or plant.
- কংকালমালিনীkong.kal.ma.li.niProper Noun
শিৱৰ ভাৰ্যা, দুৰ্গাৰ এক মূৰ্তি৷ এই মূৰ্তি ক’লা, চতুৰ্ভুজ উলংগ আৰু সদাশিৱৰ বুকুত থিয় হৈ থাকে৷ ৰক্তবীজ নামৰ অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই সেই ৰূপ ধাৰণ কৰাত তেওঁৰ খোজত পৃথিৱী বহি যোৱা দেখি মহাদেৱে তেওঁক বুকু পাতি ধৰে৷
Kali is a Hindu goddess associated with death and destruction. In Kali's most famous myth, Durga and her assistants, Matrikas, wound the demon Raktabija, in various ways and with a variety of weapons, in an attempt to destroy him. They soon find that they have worsened the situation, as for every drop of blood that is spilt from Raktabija the demon reproduces a clone of himself. The battlefield becomes increasingly filled with his duplicates.Durga, in dire need of help, summons Kali to combat the demons. It is also said that Goddess Durga takes the form of Goddess Kali at this time. Kali destroys Raktabija by sucking the blood from his body and putting the many Raktabija duplicates in her gaping mouth. Pleased with her victory, Kali then dances on the field of battle, stepping on the corpses of the slain. Her consort Shiva lies among the dead beneath her feet, a representation of Kali commonly seen in her iconography as Daksinakali'
- কংকৰMaterial Noun
প্ৰাকৃতিক ভাৱে গঠিত আপেক্ষিকভাৱে কঠিন খনিজ বা অন্য টান বস্তু।
relatively hard, naturally formed mineral or petrified matter.
- কংগোkong.go`Proper Noun
মধ্য আফ্ৰিকাৰ এখন দেশ৷
The Republic of the Congo, also known as Congo Republic or Congo-Brazzaville, is a country located in Central Africa.
- কংগ্ৰেছkaṅgrechaNoun
ভাৰতৰ এটাৰ ৰাজনৈতিক অনুষ্ঠান
congress ; Indian National Congress
- কংগ্ৰেছ গ্ৰাছkong.gres grasCommon Noun
অবিধ অতি নিকৃষ্ট অপতৃণ৷ ভাৰতবৰ্ষকে ধৰি অষ্ট্ৰেলীয়া আফ্ৰিকা আদি দেশত ইয়াক পোৱা যায়৷ এই বিধ উদ্ভিদ জনস্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ বিশেষকৈ ইয়াৰ ফলত মানুহৰ চৰ্মৰোগ হোৱা দেখা যায়৷ এই অপতৃণৰ বাবে মানুহ আৰু জীৱ-জন্তু উভয়ৰে ’হে ফিভাৰ’ (Hay fever) নামৰ এবিধ ৰোগ হয়৷
Parthenium Hysterophorus is an herbal plant and a weed species. It is also known as congress weed or congress grass, has become a common weed in India, Australia and parts of Africa. Parthenium is an aggressive weed invading all disturbed land, including farms, pastures, and roadsides. Contact with this plant causes dermatitis and respiratory malfunction in humans, dermatitis in cattle and domestic animals, it causes health hazards such as skin allergy, hay fever and asthma in human beings and is toxic to livestock.