কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খহটাkhahaṭāAdjective
খুদ খহুৰে ঢাক খাই খকাৰ নিচিনা; খহুলা; খহুলা-খহুলি; নিমজ বা মিহি নোহোবা
scabby; not smooth; rough
- খহমহীয়াAdjective
মোহাৰিলে খহ্মহনি উঠা
producing the sound of a rough thing when rubbed
- খহুবাAdjective
খহু থকা; খহুবে পোবা
affected with boils or itches
- খহুলাAdjective
খহু লগা; খহটা; নিমজ নোহোবা
coarse; rough
- খহুৱাkho.hu.waProper Adj.
শৰীৰটো খহু বা ফোঁহাৰে ভৰি থকা
one having multiple abscesses on the body
- খাঁজ-কটাAdjective
খোপ-কটা; খোপ বা খাঁজ কাটি চিয়াঁকৈ দিয়া
notched
- খাঁটিkhām̐ṭiAdjective
বিশুদ্ধ
pure
- খাঁৰীkhām̐rīAdjective
"খঁৰা" চোবাঁ।
- খাই ঠোঁট এছাৰাkhai.tho`~t e.sa.raProper Adj.
আনে কৰা উপকাৰ স্বীকাৰ নকৰা অথবা উপকাৰৰ সলনি অপকাৰ কৰা
Not feeling or showing gratitude
- খাই-গাহৰিkhai-ga.ho.riProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- খাইপাতফলাkhai.pat.pho.laProper Adj.
আনে কৰা উপকাৰ স্বীকাৰ নকৰা অথবা উপকাৰৰ সলনি অপকাৰ কৰা
Not feeling or showing gratitude
- খাইমূৰাkhāimūrāAdjective
মাক-বাপেক, ভাই-ককাই সকলোৰে মূৰ খোবা; যাৰ মাক-বাপেক সকলো মৰি নিজৰ দেহটো মাথোন আছে; গজমূৰা
surviving alone after the death of parents and others; hence friendless; wretched
- খাওঁ-খাওঁkhāom̐-khāom̐Adjective
খঁকুবা
greedy
- খাওনিkhāoniNoun
খাদ্য বস্ত্ত; খোবা সামগ্ৰী
food
- খাকীkhākīAdjective
মটীয়া; গোমা মুগা; কপিলা
tawny; dark brown; dust-coloured
- খাখাkhākhāAdjective
অতি দৰিদ্ৰ; সৰ্ব্বনাশ হোবা; যেনে-"ই মোক খাখা কৰিলে"
impoverished; ruined
- খাচkhācaAdjective
পৰৰপৰা অধিকাৰ কৰি নিজৰ স্বত্বত ৰখা; যেনে-"খাচ্ মহল" (কোনো জামদাৰ আদিৰ লগত বন্দবস্ত নোহোবা অৰ্থাৎ পোনে পোনে ৰজাৰপৰা বন্দবস্ত কৰা)
held direct from the government
- খাছkhāchaAdjective
পৰৰপৰা অধিকাৰ কৰি নিজৰ স্বত্বত ৰখা; যেনে-"খাচ্ মহল" (কোনো জামদাৰ আদিৰ লগত বন্দবস্ত নোহোবা অৰ্থাৎ পোনে পোনে ৰজাৰপৰা বন্দবস্ত কৰা)
held direct from the government
- খাজkhājaAdjective
হিন্দুবে খাব পোবা; অনিষিদ্ধ (মাছ)
not forbidden as a food for Hindus
- খাটনীয়াAdjective
কাম বা শ্ৰম কৰি খোবা
toiling; labouring