কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আওঢলীয়াāoḍhalīẏāAdjective
এঢলীয়া; কেয়োপিনে জুৰি নহৈ এফালে হোবা; যেনে-ধুমূহা বতাহজাক আওঢলীয়া হৈ গ'ল
blowing or sweeping on one side
- আওপকীয়াāopakīẏāAdjective
যিফালে পাক ল'ব লাগে সৈইফালে নোলোবা
turned or twisted in the wrong way
- আওপুৰণিao`.pu.ro.niProper Adj.
পুৰণি কালৰ, আধুনিক যুগত অপ্ৰয়োজনীয় ৷
Old and out of fashion
- আওবৰীয়াāobarīẏāAdjective
বেয়া বা অশুভ বাবে বা দিনত হোবা
born or produced on an unlucky day
- আওহতীয়াAdjective
বাঁও ফালে থকা
placed or existing on the left side
- আকটাākaṭāAdjective
মুখত বৰ বেয়া লগা; উগ্ৰ-বাদ-যুক্ত
of a disgusting taste; nauseous
- আকণাākaṇāAdjective
কাণ তাল মৰা; . "সহস্ৰ সংখ্যাত মাণ্ডুলি ফুটায়; আকণা শব্দ ৰোল" [মা. ক. সুন্দৰাকাণ্ড]।
deafening
- আকলবাākalabāAdjective
আকালৰপৰা কষ্ট পোবা; খাবলৈ নোপোবা
famine-stricken
- আকস্মিকākasmikaAdjective
অকস্মাৎ বা হঠাতে হোবা
sudden; accidental; unexpected
- আকাংক্ষিতa.kang.khyitVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- আকাংক্ষীa.kang.khyiProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- আকাঙ্ক্ষণীয়Adjective
ইচ্ছা কৰিব লগীয়া
desirable
- আকাঙ্ক্ষিতAdjective
যাক আকাঙ্ক্ষা কৰা হৈছে; বাঞ্ছিত
desire
- আকাঙ্ক্ষীAdjective
আকাঙ্ক্ষা থকা
very desirous
- আকাজীākājīAdjective
একাজী; অকাজতাগী; ষ'ব-কাটিৰ লজনা; খূপৰী
unskilled in weaving and spinning
- আকান্দেৰিākānderiAdjective
বুন্দামাৰ; সমূলি নষ্ট; যেনে-কাউৰীয়ে আমবোৰ খাই আকান্দেৰি কৰিলে
totally lost
- আকাবিকাākābikāAdjective
বিকট; বিকৱত; অস্পষ্ট; বুজিব নোবৰা; শুনিবলৈ বেয়া
not easy to understand; unpleasant to the ear
- আকালচৰākālacaraAdjective
অকল-শৰীয়া; একেশ্বৰ
alone; solitary
- আকাশ-তেলীয়াAdjective
বৰকথীয়া; ডাংকোপ মাৰি ফুৰা
boastful; blustering
- আকাশচুম্বীa.kax.sum.biProper Adj.
অতি উচ্চ, আকাশ চুই থকা ।
very tall, high up in the air.