কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰতোহোঁkaratohom̐Transitive verb
কৰাঁ (অনুজ্ঞা); যেনে -"কৰতোহোঁ স্নান সুনহ মেৰি বাপ" (বৰগীত)।
- কৰন্তkarantaTransitive verb
কৰিছে; কৰে।
- কৰন্তেহিVerb
কৰি; দেখুবাই।
- কৰপুটেAdverb
হাতযোৰ কৰি
with joined hands
- কৰম্Transitive verb
কুমন্ত্ৰ কৰি অনিষ্ট বা পীড়া কৰ; যেনে-"তাক কোনোবাই কৰমিলে"
to injure one by incantation
- কৰমৰ্দনkoro.mor.donVerbal Noun
অভিবাদন জনোৱাৰ উদ্দেশ্যে কোনো ব্যক্তিৰ হাতত ধৰা কাৰ্য্য
clasping of a person's hand as a greeting
- কৰযোৰেkor.jo`.reVerbal Adj.
(an action) carried out with grace, warmth and respect
- কৰসিkarasiVerb
কৰা (
- কৰহুkarahuVerb
কৰাঁ (অনুজ্ঞা)।
- কৰাkarāTransitive verb
আনৰ হতুবাই সম্পাদন কৰা
to cause to be done
- কৰা হ`লVerb-Trans.
কৰা বা হোৱা ধাতুৰ অতীত কালৰ এটা ৰূপ
part participle of the verb 'DO'.
- কৰাঞkarāñaVerb
কৰাওঁ; কৰে।
- কৰাঞোkarāñoVerb
কৰাওঁ; কৰে।
- কৰাবলিkarābaliVerb
কৰালে
caused to be done
- কৰালkarālaAdjective
বিকট; ভয়ানক; ভয়ঙ্কৰ; দেখিলে ভয় লগা
awful or terrible in form
- কৰাল মাৰ্Verb
শুকাই আঠাৰ দৰে কামোৰ মাৰি ধৰ্
to stick or adhere
- কৰায়ত্তko.ra.yot.toVerbal Adj.
যাক ধৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে।
Person who has been taken captive or arrested.
- কৰায়ত্ত কৰ্ko.ra.yot.to korVerb-Trans.
আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
to take into custody for violation of law and order
- কৰাৰোপণ কৰ্ko.ra.ro’.pon korVerb-Trans.
কোনো বস্তু বা সেৱাত কৰ আৰোপ কৰ
to impose tax upon something
- কৰি থVerb-Intran.
(কোনো এটা কাম) আগতীয়াকৈ কৰ্
To get done in advance