কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অৰ্থদণ্ড কৰ্or.tho.don.do korVerb-Trans.
আৰ্থিক শাস্তি জাপি দে
to impose monetary punishment
- অৰ্থনৈতিকor.tho.noi.tikVerbal Adj.
অৰ্থনীতি বিজ্ঞান সম্পৰ্কীয়
of or pertaining to the science of economics
- অৰ্থনৈতিকভাৱেor.tho.noi.tik.bha.beAdverb
এজন ব্যক্তিৰ নিজা আৰ্থিক সমলৰ সংক্ৰান্তত
as regards one's personal resources of money
- অৰ্দ্ধনমিতor.dho.no.mi.toVerbal Adj.
স্বাভাৱিক অৱস্থানতকৈ তলত ৰখা (বিশেষকৈ পতাকাৰ ক্ষেত্ৰত, যাক কোনো শোক পালন বা দুৰ্য্যোগৰ চিন স্বৰূপে স্বাভাৱিক অৱস্থাটনৰ পৰা আধা নমাই ৰখা হয় ৷)|
kept at lower than normal position (said of a flag which is lowered on a mast as a sign of mourning or distress).
- অৰ্দ্ধবীক্ষণor.dho.bi.khyonVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- অৰ্ধনমিতor.dho.no.mi.toVerbal Adj.
স্বাভাৱিক অৱস্থানতকৈ তলত ৰখা (বিশেষকৈ পতাকাৰ ক্ষেত্ৰত, যাক কোনো শোক পালন বা দুৰ্য্যোগৰ চিন স্বৰূপে স্বাভাৱিক অৱস্থাটনৰ পৰা আধা নমাই ৰখা হয় ৷)|
kept at lower than normal position (said of a flag which is lowered on a mast as a sign of mourning or distress).
- অৰ্ধবীক্ষণor.dho.bi.khyonVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- অৰ্ধমৃতor.dho.mri.toVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- অৰ্ধসিদ্ধVerbal Adj.
ভালকৈ নিসিজা বা কম সময়ৰ বাবে সিজোৱা
not boiled properly or boiled for a short period
- অৰ্পণ কৰ্or.pon korVerb-Trans.
নিজৰ অধিকাৰ বা স্বত্ত আনুষ্ঠানিকভাৱে ত্যাগ কৰ্।
Formal give up of one's rights to or possession of.
- অৰ্প্arpTransitive verb
গতা; শোধা; সমৰ্পণ কৰ্
to make over; to entrust
- অৰ্হণor.honVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- অৰ্হণাor.ho.naVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- অৰ্হনীয়Verbal Adj.
যশ বা খ্যাতি বঢ়াব পৰা বা সুনাম কঢ়িয়াই আনিব পৰা
something that can glorify or make one famous
- অৱক্ষেপণo.bo.khye.ponVerbal Noun
পানী বা আন কোনো জুলীয়া দ্ৰৱ্যৰ তলিত গোটা পদাৰ্থবোৰ জমা হোৱা প্ৰক্ৰিয়া ৷
The phenomenon of sediment or gravel accumulating.
- অৱক্ষয়o.wo.khyoyVerbal Noun
gradual loss in quality due to long use
- অৱক্ষয়জনিতVerbal Adj.
লাহে-লাহে বেয়াৰ ফাললৈ ঢাল খোৱা (ৰোগ বা অৱস্থা)।
(of a disease or condition) getting steadily worse.
- অৱগত কৰ্o.wo.got korVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- অৱগাহনo.bo.ga.honVerbal Noun
পানীত জুবুৰিয়াই দিয়া কাৰ্য্য
The act of wetting something by submerging it.
- অৱচ্ছিন্নo.bo.sin.noVerbal Adj.
দুই বা ততোধিক ভাগত যাক ভাগ কৰা হৈছে
seperated into two or more parts