কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেতৰ-সাইজkhe.tor-xaijAbstract Noun
কটাৰী, বল আদি আহিলাৰ সহায়ত মনোৰঞ্জনৰ উদ্দেশ্যে বিভিন্ন আশ্চৰ্য্যজনক খেল দেখুৱা কলা
the art of manual dexterity with objects like knife, balls etc to entertain others.
- খেতৰ-সাইজ্khetara-sāijNoun
ইন্দ্ৰজালবিদ্যা, ভেলেকী- বাজী; এটা বস্ত্তক আন এটাৰ আকৱতি কৰি দেখুওবা বিদ্যা; . যেনে-"কিনো খেতৰ সাইজেঃ জানাহে বোপাদেউ" (বিয়া-নাম)।
magic; jugglery
- খেদkhedaNoun
বেজাৰ; শোক; সন্তাপ; অনুশোচ
sorrow; grief; repentance
- খেদমতkhet.motAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- খেদাkhedāTransitive verb
বলেৰে বা ভয় দেখ্বাই দূৰ কৰ্
to drive off; scare away
- খেদা-কোৰোNoun
লৰা-লৰি; খৰ- খেদা; লৰা-ঢপৰা
hurry; haste
- খেদা-খেদিNoun
এটাই আনটোৰ ওচৰলৈ লৰি যোবা কাৰ্য্য; ইটোবে সিটোক, সিটোবে ইটোক খেদি যোবা কাৰ্য্য
the act of rushing against or pursuing one another
- খেদা-চিকাৰkhedā-cikāraNoun
হাৰিত বনৰীয়া হাতী খেদি নি গড়ত সুমাই ধৰা কাৰ্য্য
act of catching wild elephants by driving them into a stockade
- খেদা-ডেকাkhedā-ḍekāNoun
চলিত নিয়মমতে (সত্ত্ৰৰ) অধিকাৰ হ'বৰ স্বত্ব নথকা লোক
a junior person not entitled to be the chief (of a sattra) according to rule
- খেদেলাkhedelāNoun
ফেদেলা মানুহ; খেহেটা; লেতেৰা
dirty; filthy
- খেন বোমাkhen bo’.maMaterial Noun
নিৰ্দিষ্ট সময়ত বিস্ফোৰিত হোৱাৰ ব্যৱস্থা থকা বোমা।
a bomb that can be set to explode at a particular time.
- খেনিkheniNoun
ইতিকিং; পৰিহাস; বিদ্ৰুপ
a joke; a jest; a taunt
- খেনেমেনোAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- খেনোkhenoPronoun
কোনো
some
- খেনো-মেনোkheno-menoNoun
খেলি-মেলি।
- খেপkhepaNoun
কপট; অন্তৰত থকা খং
secret; ill-will
- খেপে খেপেkhepe, khepeNoun
বাৰে বাৰে; খেপে পতি; প্ৰতি খেপত
on each occasion; on each trading expedition
- খেবkhebaNoun
খেও; পানীত জাল মাৰি বা পেলাই আকৌ তুলি অনা কাৰ্য্য; যেনে-"জাল এখেব মাৰ্"
act of casting and drawing a fish-net
- খেবাNoun
নাবেৰে নৈত পাৰ হোবা কাৰ্য্য; যেনে-"বহল নৈত দিনটোত দুখেবাহে দিব পাৰি"
act of crossing a river, etc., by boat
- খেবালিkhebāliNoun
হাতত মেলি লৈ পানীলৈ মাৰি দি মাছ ধৰা এবিধ জাল [ইয়াৰ কেইবাবিধো আছে; যেনে-ঘন, আঙঠা; অফলীয়া।]
a cast- net