কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিলান্যাসxi.la.nyaxVerbal Noun
কিহবাৰ আধাৰশিলা স্থাপন কৰা কাৰ্য্য
the act of laying the foundation stone of something
- শিলাপিণ্ডMaterial Noun
শিলাপিণ্ড
শিলাপিণ্ড
- শিলাবৃষ্টিxi.la.bris.tiAbstract Noun
ডাৱৰৰ পৰা সৃষ্ট কঠিন বৰফৰ টুকুৰা বৰষি পৰা বৰষুণ
showery precipitation in the form of irregular pellets or balls of ice
- শিলাবৱষ্টিśilābawaṣṭiNoun
শিল-বৰষা; পানী আৰু শিলেৰে সৈতে হোবা বৰষুণ
a hail-storm
- শিলালিপিNoun
শিলৰ পাটত লিখা বৰ্ণনা বা নিৰ্দ্দেশ।
- শিলাস্তম্ভxi.las.thom.bhoMaterial Noun
কাৰোবাৰ বা কিহবাৰ স্মৃতি ৰক্ষাৰ্থে থিয় কৰা শিলৰ ওখ গাঁথনি
A stone erection, erected in memories of somebody or something.
- শিলাস্তৰxi.las.torMaterial Noun
চাৰিওকাষৰ শিলৰ তুলনাত ভিন্ন গুণ-বিশিষ্ট শিলৰ এক স্তৰ
A layer of rock of same characteristics distinct from its surrounding rocks
- শিলিখাśilikhāNoun
এবিধ ওখ ডাঙৰ গছ আৰু তাৰ গুটি, হৰীতকী [ইয়াৰ ছাল আৰু গুটি ঔষধ আৰু ৰং তৈয়াৰ কৰাত ব্যবহাৰ হয়।]
the myrobalam; Terminalia citrina, or chebula or tomentosa (Retz)
- শিলিখা-মণিśilikhā-maṇiNoun
শিলিখাৰ আকৱতিৰ সিৰ থকা এবিধ সোণৰ দীঘলীয়া মণি
a kind of ridged gold bead resembling the myrobalam nut
- শিলিখামণিMaterial Noun
A traditional Assamese jewelry design.
- শিলীন্ধ্ৰxi.lin.dhroCommon Noun
পাতল ঠাৰিৰ শীৰ্ষত ছাতিৰ আকৃতিৰ টুপি-সদৃশ অংশ থকা এবিধ ভেঁকুৰ। ইহঁতৰ কিছুমান প্ৰকাৰ খাদ্যৰূপেও গ্ৰহণ কৰা হয়।
Any of various fleshy fungi of the class Basidiomycota, characteristically having an umbrella-shaped cap borne on a stalk, especially any of the edible kinds, as those of the genus Agaricus.
- শিলীন্ধ্ৰীxi.lin.dhriCommon Noun
কেঁচুবোৰ বলয়ী (এনিলিডা) বৰ্গৰ বৃহৎ প্ৰজাতি অলিগ’কেটাৰ সাধাৰণ নাম । কেঁচুবোৰে মাটিত গাত সান্দি অক্সিজেন জোগান ধৰাৰ উপৰিও ইহঁতৰ মল (কেঁচুমটা) এবিধ উত্তম সাৰ ।সমগ্ৰ পৃথিৱীত প্ৰায় ৩,০০০ বিধ কেঁচু আছে । এই মেৰুদণ্ডহীন প্ৰাণীবোৰ মুগা অথবা ৰঙা হয় আৰু শৰীৰটো কোমল । কেঁচুবোৰ কেই ইঞ্চিমানৰ পৰা ২২ ফুটতকৈও অধিক দীঘল হোৱা দেখা যায় । আটাইতকৈ দীঘল কেঁচুবিধ দক্ষিণ আফ্ৰিকা আৰু অস্ট্ৰেলিয়াত পোৱা যায় ।মাটি আৰু মাটিত থকা জৈৱ পদাৰ্থ কেঁচুবোৰৰ সাধাৰণ খাদ্য । মুখত ওঠ সদৃশ (প্ৰস্টমিয়ান) মাংসপেশী থাকে আৰু ইয়াৰ সহায়ত পোহৰ আৰু স্পন্দন অনুভৱ কৰে । দেহত থকা প্ৰায়বোৰ বলয়তে সূক্ষ্ম সূক্ষ্ম নোম থাকে ।কেঁচুবোৰ উওভয়লিঙ্গী হলেও ইহতৰ প্ৰজননৰবাবে দুদাল কেঁচুৰ প্ৰয়োজন হয় । কেঁচুৰ জননাংগটো দেহটোৰ শকত অংশ খিনিত থাকে । আজিকালি কেঁচুসাৰ এবিধ জনপ্ৰিয় জৈৱিক সাৰ হিচাপে পৰিগনিত হৈছে ।
Earthworm is the usual name for the largest members of Oligochaeta in the phylum Annelida. Earthworms (also called nightcrawlers) are very important animals that aerate the soil with their burrowing action and enrich the soil with their waste products (called wormcast). There are over 3,000 species of earthworms around the world. These invertebrates (animals without a backbone) range in color from brown to to red, and most have a soft body. Earthworms range in size from a few inches long to over 22 feet long. The largest earthworms live in South Africa and Australia. Earthworms eat soil and the organic material in it - like insect parts and bacteria. The mouth is covered by a flap (called the prostomium) which helps the earthworm sense light and vibrations. Tiny bristles (called setae) are on most segments of the earthworm's body. Although each earthworm is hermaphroditic (having both male and female reproductive systems), it takes two worms to mate and reproduce. The reproductive organs are in the clitellum (the enlarged segments in the middle of an earthworm). The clitellum later forms a cocoon which protects the developing eggs.
- শিলীমুখśilīmukhaNoun
এবিধ বৰ চোকা কাঁড়
a kind of arrow with the head of adamant
- শিল্পśilpaNoun
যি কাম কৰিবলৈ বিশেষ নিপুণতাৰ আবশ্যক তেনে হাতৰ কাম; কাৰিকৰী কাম; বাঢ়ৈ, সোণাৰি আদিৰ কাম
art; craft
- শিল্প বিপ্লৱxil.po bip.lobAbstract Noun
ইউৰোপত ১৭৬০চন-১৮৬০চন সময়ছোৱাত হোৱা শিল্প উদ্যোগত হোৱা বৈপ্লবিক পৰিবৰ্তন৷
The Industrial Revolution was the transition to new manufacturing processes in the period from about 1760 to sometime between 1820 and 1840.
- শিল্প- বিদ্যাNoun
শিল্পকৰ্ম্মত দক্ষতা বা জ্ঞান
skill in art
- শিল্প- শাস্ত্ৰNoun
শিল্পকৰ্ম্মৰ শিক্ষা দিয়া পুথি
a treatise on works of art
- শিল্প-কৰ্ম্ম, শিল্প কৰ্মNoun
বিশেষ নিপুণতাৰে কৰা হাতৰ কাম; বাঢ়ৈ, সোণাৰি আদিৰ কাম
a work of art; handicraft
- শিল্প-নৈপুণ্যxil.po-noi.punyoAbstract Noun
শিল্পকাৰ্য্যত থকা পাৰ্গতালি বা শিল্পীয়ে কৰা সৃষ্টিমূলক কাৰ্য্য
the act or skill of a craftsperson or artisan; the quality of something made, as by an artisan
- শিল্পকলাxil.po.ko.laCommon Noun
paintings, sculptures, etc.