কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপৰ্ধূলkapardhūlaNoun
এবিধ বিদেশী পাটৰ বা সেই নিচিনা কাপোৰ
a kind of fine fabric of silk or similar fibre
- কফkaphaNoun
শৰীৰৰ তিনি ধাতুৰ (বায়ু, পিত্ত, কফ) ভিতৰৰ এটা ধাতু [ই খেকাৰ-সেঙুন-ৰূপে বাজ হয়।]
phlegm; one of the three bodily humours
- কফাৰিCommon Noun
দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা
A plant or its root of tropical southeast Asia having yellowish-green flowers and a pungent aromatic rhizome.
- কফিkaphiNoun
খেতিত হোবা এবিধ বিদেশী গছ [তাৰ গুটি দেখইবলৈ পেস্তা বা বঙালী-এড়াৰ গুটিৰ নিচিনা, তাৰ গুটি ভাজি গুড়ি কৰি চাহৰ নিচিনাকৈ তাৰ পানী উলিয়াই খায়]
coffee ; coffee; coffea arabica
- কফিঘৰko.phi.ghorCommon Noun
এক সৰু ভোজনালয়, য`ত সামান্যভাৱে মাত্ৰ কফি আৰু কিছু পাতলীয়া আহাৰৰ ব্যৱস্থা থাকে।
a restaurant, usually small and unpretentious usually serving coffee and small snakes.
- কফিন্kaphinNoun
শবাধাৰ; মৰা শ থোবা বাকচ।
coffin
- কবচkabacaNoun
ৰণুবাই গাত পিন্ধা লোৰ আবৰণ
armour
- কবন্ধkabandhaNoun
মূৰ নথকা কিন্ত্ত গতি থকা গাৰি
a headless trunk
- কবলkabalaNoun
গ্ৰাস; গৰাহ
a mouthful; a swallow
- কবাব-চিনিkabāba-ciniNoun
এবিধ সৰু গছৰ আৰু জালুকৰ আকৱতিৰ জলা গুণ থকা গুটি [ই মচলা আৰু ঔষধত ব্যবহাৰ হয়]
piper cubeba, generally called cubeb
- কবাৰিkabāriNoun
কেঁচা মাটিৰ মূৰ্ত্তি সাজোঁতে তাক গঢ় লগাওঁতে বা মিহি কৰোঁতে ব্যবহাৰ কৰা এচলা বাঁহ বা কঠিন চেপেটা মাৰি
a piece of flat bamboo or wood used in the shaping or smoothing of an earthen image
- কবিkabiNoun
এবিধ বাম খেতিত হোবা, পাতবোৰ ঘোৰ খাই গোট মৰা বিদেশী শাক; বন্ধা-কবি [ইয়াৰ অনেক উপজাতি আছে আৰু এবিধ কজলা বা ৰঙা বৰণৰো আছে।]
couve ; the cabbage; red cabbage; Brassica (oleracea) bullcata
- কবিটিলিকাko.bi.ti.li.kaCommon Noun
অখ্যাত আৰু নিমমানৰ বিধৰ কবি৷
an inferior or unrecognized poet.
- কবিতাkabitāNoun
কবিৰ ৰচনা; পদ্য
poem; poetry
- কবিত্বNoun
কবিতা লিখাৰ শক্তি বা পাৰদৰ্শিতা
a poetic faculty
- কবিলাসkabilāsaNoun
এবিধ বীণা-জাতীয় বাদ্য-যন্ত্ৰ।
- কবিৰত্নNoun
কাব্যশাস্ত্ৰত অভিজ্ঞতা থকাৰ বাবে দিয়া উপাধি
a literary title conferred on a distinguished poet
- কবিৰাজkabirājaNoun
আয়ুৰ্ব্বেদমতে চিকিৎসা কৰা বৈদ্য।
- কবিৰাজিNoun
কবিৰাজৰ ব্যবসায়
profession of a Kavirāja
- কবীন ফুকনko.bin phu.konProper Noun
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ প্রাক্তন অধ্যাপক কবীন ফুকন (১৯৪৬-) আধুনিক অসমীয়া কবিতাৰ অন্যতম শ্রেষ্ঠ কবি। তাৰোপৰি এজন কৃতী শিক্ষক, উৎকৃষ্ট সাহিত্য সমালোচক, লেখক, অনুবাদক আৰু সুবক্তা। তোক দেখি নজোনে, কোনে কয় নুপুৱাই আউসীৰ ৰাতি তেখেতৰ কবিতাৰ সংকলন, কবিতাৰ জুতি বিচাৰ প্রবন্ধ সংগ্রহ, অসমীয়া কবিতাৰ প্রৱাহ অসমীয়া কবিতাৰ বুৰঞ্জী। তেখেত অনুবাদ নামৰ অনুবাদ আলোচনীৰো সম্পাদক আছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ আৰু লীডছ্ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি পায়।
Kabin Phukan (1946-) is a modern Assamese poet, critic, translator and an academician of high repute. He retired as Professor of English from Dibrugaarh University, Assam. 'Tok Dekhi Na Jone', 'Kone Koi Nupuwai Aunshir Rati' are anthologies of his poetry. Besides he wrote 'Axomiya Kobitar Prabah', a history of Assamese poetry and 'Kabitar Juti Bisar'- articles on aesthetics and taste of poetry. He was also the founder editor of 'Anubad', a magazine on translation. He had his M.A. in English Literature from Gauhati University, Ph.D from the University of Leeds and a post doctorare from Yale University. He currently resides in Dibrugarh, Assam.