← ফুৰি যাওক

কবন্ধ

kabandha

অৰ্থ

1.

মূৰ নথকা কিন্ত্ত গতি থকা গাৰি

a headless trunk

বি.

2.

কন্ধ; এবিধ মূৰ নথকা ভূত [এহেজাৰ মানুহ যি ঠাইত বধ কৰা হয় তাতে এটা কন্ধ হয় বুলি কয়; ৰামায়ণত লিখামতে যুদ্ধত এক অযুত হাতী, এক নিযুত ঘোঁৰা

বি.

3.

খন ৰথ আৰু দহ কোটী সৈন্য মৰিলে এটা কবন্ধ হয়]

a headless ghost

বি.

4.

এক ৰাক্ষস [পুথিত লিখা আছে যে ই আগেয়ে এটা গন্ধৰ্ব্ব আছিল, কিন্ত্ত ঋষিৰ শাপত ৰাক্ষস হয়; পাছে ব্ৰহ্মাক আৰাধনা কৰি ই অমৰ হয়, কিন্ত্ত ইন্দ্ৰই বজ্ৰ হানি ইয়াৰ মূৰটো তাৰ গাৰিত সুমূবাই দিলত তাৰ চকু আৰু মুখ নাইকিয়া হয়; ইন্দ্ৰক পূজি সি বুকত এটা চকু আৰু এপৰ বাটৰ সমান দীঘলীয়া দুখন হাত পায়, আৰু এই হাতেৰেই বহুত দূৰৰপৰা জন্ত্ত আদি টানি আনি খাব পাৰিছিল; ৰাম-লক্ষ্মণক এনেকৈ খাবলৈ ঘৰোঁতে তেওঁলোকে তাক বধ কৰি তাৰ শটো খৰি দিয়ে; এই কবন্ধই সীতাক উদ্ধাৰ কৰাৰ উপায় ৰামক কৈ দিছিল।]

the name of a headless Rākṣasa killed by Rāma

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ