কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাংবিধানিকxang.bi.dha.nikProper Adj.
কোনো দেশ, সংস্থা আদিৰ সংবিধানত উল্লেখ থকা বা তাৰ সৈতে জড়িত
of or pertaining to the constitution of a state, organization, etc.
- সাংশ্লেষিকxang.sle.xikProper Adj.
বিভিন্ন উপাদান মিহলি কৰি, বিশেষকৈ ৰাসায়নিক পদাৰ্থ মিহলি কৰি প্ৰস্তুত কৰা
pertaining to a product produced by combining or mixing components, esp. chemicals
- সাংসাৰিকsāṃsārikaAdjective
সংসাৰ-সম্বন্ধীয়; সংসাৰ-বিষয়ক
worldly
- সাংস্কৃতিকxangskritikProper Adj.
সংস্কৃতি সম্পৰ্কীয়৷
pertaining to culture.
- সাংসৰ্গিকsāṃsargikaAdjective
সঙ্গ কৰা; লগ লোবা; যেনে- "সাংসৰ্গিক প্ৰায়শ্চিত্ত"
relating to association
- সাইজsāijaAdjective
সন্তা; কম দামত পোবা
cheap
- সাইলাখsāilākhaAdjective
দেখিবলৈ একে; তদ্ৰূপ; সদৱশ
similar resembling
- সাকাৰsākāraAdjective
আকাৰ থকা; দেহধাৰী; দেহ খকা
having a form or body; corporeal
- সাকাৰাত্মকxa.ka.rat.mokProper Adj.
কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷
Characterized by or displaying certainty, acceptance, or affirmation.
- সাক্ষাৎsākṣātAdjective
চকুৰ আগত; দেখা-দেখিকৈ থকা; বৰ্ত্তমান
bodily present
- সাক্ষৰsākṣaraAdjective
আখৰ জনা
literate
- সাখ্যsākhyaAdjective
সখি বা বন্ধু-সম্বন্ধীয়
relating to a friend
- সাগ্নিকsāgnikaAdjective
অগ্নিহোত্ৰী; যজ্ঞৰ নিমিত্তে সদায় জুহালত জুই ৰখা
maintaining the consecrated fire
- সাগ্ৰsāgraAdjective
আগে সৈতে থকা; আগ নিছিগা
with the top end on; having the sharp point
- সাগ্ৰহsāgrahaAdjective
বৰ ইচ্ছুক; অতিশয় আগ্ৰহ যুক্ত; . ক্ৰি. বিণ. সাগ্ৰহে।
ardent; eager
- সাগ্ৰামsāgrāmaAdjective
পুৰাৰপৰা সন্ধ্যালৈকে গোটেই; যেনে-"সাগ্ৰাম দিনটো"
whole; entire
- সাগৰ-সঙ্কাশsāgara-saṅkāśaAdjective
সাগৰৰ দৰে দ আৰু বহল; বৰ গম্ভীৰ
deep and wide as the ocean; profound
- সাগৰীয়xa.go.ri.yoProper Adj.
সাগৰত পোৱা বা সাগৰত উৎপন্ন হোৱা
Produced by or found in sea
- সাঙ্কেতিকsāṅketikaAdjective
সঙ্কেতকাৰক; যেনে-"সাঙ্কেতিক চিন"
made known by a hint or sign
- সাঙ্গsāṅgaAdjective
সকলো অঙ্গ পূৰ থকা; পূৰ্ণাঙ্গ; যেনে-"তেওঁ সাঙ্গ বেদ অধ্যয়ন কৰিছে;"
comprising all the parts