কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুশাগ্ৰবুদ্ধিku.xa.gro.bud.dhiProper Adj.
অতি সজাগ মনৰ অধিকাৰী, বিশেষকৈ যিকোনো বিপদ অতিক্ৰম কৰিব পৰা বা সতকাই সমিধান দিব পৰা গুণ-বিশিষ্ট
having a keenly alert mind, esp as used to avert danger, make effective reply, etc
- কুশীলৱku.xi.lobProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কুশ্ৰীkuśrīAdjective
কুৎসিত; অশুবনী
ugly
- কুষাৰিkuṣāri
পেটত ৰখা খং বা অসন্তোষ
cherished ill-will; pique
- কুষ্ঠীAdjective
কুঠ ৰোগে ধৰা; বৰৰোগে খোবা; কুঠীয়া
leprous
- কুষ্ঠৰিয়াkuṣṭhariẏāAdjective
যুঁজোঁ যুঁজোঁকৈ বা মাৰোঁ মাৰাঁকৈ ফুৰা; যেনে-"যুদ্ধ কণ্ডুবাইঃ ফুৰয় সদায়ঃ যেনে কুষ্ঠৰিয়া মাল" (ভাগবত
- কুষ্ঠৰোগীkus.tho.ro`.giProper Adj.
কুষ্ঠৰোগৰ দ্বাৰা আক্ৰান্ত৷
Relating to or resembling or having leprosy.
- কুসুমজিতাProper Adj.
having beauty (refered to a lady)
- কুসুমিতku.xu.mi.toVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- কুহকিনীAdjective
ইন্দ্ৰজাল মাৰি মোহ কৰা গুণ থকা
having the power or quality of captivating by means of magic or incantation
- কুহকীProper Adj.
যাৰ মায়া আছে বা যি মিছা আকৰ্ষণ জন্মাব পাৰে|
of the nature of an illusion or unreal.
- কুহুম-বুলীয়াAdjective
কুহুম ফুলেৰে বোলোবা; হালধীয়া
dyed with safflower; yellow
- কুহুমীয়াkuhumīẏāAdjective
উমি উমি তপত (পানী আদি জুলীয়া বস্ত্ত)
tepid
- কুৎচিতkut.sitProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- কুৎসিতkutsitaAdjective
কুৰূপ; কুশ্ৰী; বেয়া; মন্দ
ugly; vile
- কুৰংগনয়নাku.rong.go.no.yo.naProper Adj.
হৰিণাৰ দৰে ধুনীয়া চকু থকা তিৰোতা |
Woman with beautiful eye like deer.
- কুৰংগনয়নীku.rong.go.no.yo.niProper Adj.
হৰিণাৰ দৰে ধুনীয়া চকু থকা তিৰোতা |
Woman with beautiful eye like deer.
- কুৰঙ্গনয়নাkuraṅganaẏanāAdjective
হৰিণাৰ দৰে ধুনীয়া চকু থকা (তিৰোতা); সুন্দৰী
gazelle-eyed; beautiful
- কুৰঙ্গনয়নীkuraṅganaẏanīAdjective
হৰিণাৰ দৰে ধুনীয়া চকু থকা (তিৰোতা); সুন্দৰী
gazelle-eyed; beautiful
- কুৰিকটkurikaṭaAdjective
অতিশয় বিকৱত আকাৰৰ; কুন্ধচ
very ugly