কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপালৰ লিখনko.pa.lor li.khonAbstract Noun
মানুহৰ জীৱনত ভাল-বেয়া নিৰূপণ কৰা এক বল বা শক্তি
the force that seems to operate for good or ill in life of a person
- কপাহkapāhaNoun
বাম খেতিত হোবা, পাতত অলপ অলপ নোম থকা, এবিধ সৰু গছ আৰু তাৰ কলা বা ঢোপৰ ভিতৰত হোবা তুলা; [ই. সূতা কাপোৰ আদি আন বস্ত্ত তৈয়াৰ কৰাত ব্যবহাৰ হয়; ইয়াৰ কেইবাজাতো আছে; এজাতৰ ফুল বগা, আৰু ইজাতৰ ফুল কজলা, . ইয়াৰ গুটিৰ তেল অনেক কামত লাগে আৰু তাৰ খলিহৈ জন্ত্তৰ আহাৰ আৰু শস্যৰ সাৰ দিয়াত ব্যবহাৰ হয়]।
cotton ; Gossypium herbaccum (neglectum) ; G. arboreum
- কপাহ-আঠীয়াkapāha-āṭhīẏāNoun
বহল পাতেৰে সৰু হালধীয়া ফুলেৰে অলপ যনীয়া গোন্ধোবা এবিধ এনেয়ে হোবা ক্ষুদ্ৰ বন-শাক
a kind of pot- herb
- কপাহ-তলীkapāha-talīNoun
কপাহ খেতি কৰা ঠাই
land where cotton is cultivated
- কপাহগুটীয়াkapāhaguṭīẏāNoun
এবিধ বন; তাৰ ফুল কপাহৰ নিচিনা বগা
a kind of weed
- কপিkapiNoun
বান্দৰ
monkey
- কপি-দাkapi-dāNoun
আগৰ ফাললৈ বহল আৰু গেজিৰ ফাললৈ চিয়াঁ এবিধ ডাঙৰ দা
a big and razor shaped dāo
- কপিংkapimNoun
কপিন।
- কপিকলkapikalaNoun
সূচলেৰে পানী তোলা, বিচনি টনা, গধূৰ বস্ত্ত ওপৰলৈ দঙা আদি কাম কৰা এবিধ যতন [ই এটা কাঠ বা লোৰ সৰু চকৰি আৰু তাৰ পিঠিয়াত জৰী বাগৰি পৰিব নোবৰাকৈ লোৰ কটা যাত থাকে; ভালকৈ ঘুৰিব পৰাকৈ চকৰিটোৰ মাদলিটো এটা হাঁকোটাত লগোবা থাকে; সেই হাঁকোটা আন ঠাইত লগাই বা বান্ধি উক্ত লোৰত ভৰাই জৰী টানিবলৈ দিহা লগোবা থাকে]; ঘূৰঘূৰী যন্ত্ৰ
a lifting or block pulley
- কপিকেতনProper Noun
পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷
the third brother of the Pandavas; the greatest archer of his time.
- কপিঞ্জলko.pin.jolCommon Noun
The Skylark (Alauda arvensis) is a small passerine bird species. This lark breeds across most of Europe and Asia and in the mountains of north Africa. The Skylark is 16 to 18 cm long. It is a bird of open farmland and heath, known throughout its range for the song of the male, which is delivered in hovering flight from heights of 50 to 100 m, when the singing bird may appear as just a dot in the sky from the ground. The song generally lasts 2 to 3 minutes, but it tends to last longer later in the season. The male has broader wings than the female. This adaptation for more efficient hovering flight may have evolved because of female Skylarks' preference for males that sing and hover for longer periods and so demonstrate that they are likely to have good overall fitness. Like most other larks, the Skylark is a rather dull-looking species on the ground, being mainly brown above and paler below. It has a short blunt crest on the head, which can be raised and lowered. In flight it shows a short tail and short broad wings. The tail and the rear edge of the wings are edged with white, which are visible when the bird is flying away, but not if it is heading towards the observer. The Skylark has sturdy legs and spends much time on the ground foraging for seeds, supplemented with insects in the breeding season. The Skylark makes a grass nest on the ground, hidden amongst vegetation. It is sometimes found nesting in bracken, using it for cover. Generally the nests are very difficult to find. 3 to 6 eggs are laid in June. A second or third brood may be started later in the year. The eggs are yellow/white with brownish/purple spots mainly at the large end.
- কপিত্থkapitthaNoun
ঔটেঙা; সৰু বেল-জাতীয় এবিধ টেঙা আৰু তাৰ ফল; যেনে-"আলগতে ফুৰাই পাক হানিলাহা দলি। কপিত্থত পৰি যমপুৰে গৈল চলি" (কীৰ্ত্তন)।
- কপিদাko.pi.daAbstract Noun
আগ নোহোৱা দীঘল দা৷
A large razor shaped nife
- কপিধ্বজkapidhbajaNoun
যাৰ ধ্বজত হনুমানৰ আকৱতি আছে, সেই অৰ্জ্জূন; অৰ্জ্জূনৰ বথত থকা হনুমানৰ আকৱতিৰ ধ্বজ।
- কপিনkapinaNoun
কপিং; সন্ন্যাসীৰ লেংটি; নিচেই ঠেক কাপোৰ
å small piece of cloth worn over the private parts
- কপিলkapilaNoun
তামৰ নিচিনা বৰণ; মুগা বৰণ
brown or tawny colour
- কপিলাkapilāNoun
হালধীয়া-মুগা
yellow-wish-brown; bullock or bull
- কপিলীko.pi.liProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ মেঘালয়ৰ পৰা ওলাই নগাওঁ আৰু মৰিগাওঁ জিলাৰ মাজেৰে বৈ গৈছে৷
A tributary of Brahmaputra that flows through Nagaon and Marigaon district.
- কপিৰথko.pi.rothProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- কপিৰাইটko.pi.ra.itAbstract Noun
আইনপ্ৰদত্ত অধিকাৰ যাৰ দ্বাৰা কোনো লিখনি,সংগীত,ছবি বা যিকোনো সৃষ্টিৰ প্ৰকাশ,নকল আৰু বিতৰণৰ অনুমতি দিয়াৰ অধিকাৰ কোনো ব্যক্তি বা সংগঠন বিশেষৰ হাতত থাকে
The right by law to be the entity which determines who may publish, copy and distribute a piece of writing, music, picture or other work of authorship